অলিম্পিয়া প্ৰতিবেদন
নতুন প্ৰতিভাৰ সন্ধানত লখিমপুৰত কণ কণ ফুটবলাৰৰ মহাৰণ ৷
লখিমপুৰ চহৰৰ পশ্চিমাঞ্চলত দেওবাৰৰ পৰা আৰম্ভ ড্ৰীম লীগ ছিজন-১ ৷
হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগ ৷
১৫ বছৰ অনূৰ্দ্ধ মুঠ ৭ টা দলৰ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ ৷
লখিমপুৰৰ হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত দেওবাৰ অৰ্থাৎ ১২ জুনৰ পৰা আৰম্ভ হৈছে ড্ৰীম লীগ ফুটবল ছিজন-১ ৷ আকৰ্ষণীয় প্ৰাইজমানিৰ এই লীগত অংশগ্ৰহণ কৰিছে ১৫ বছৰ অনূৰ্দ্ধ ৭ টা দলে ৷
দেওবাৰৰ পৰা লখিমপুৰ চহৰৰ পশ্চিমাঞ্চল উদূলি-মুদুলি পৰিবেশ সৃষ্টি হ’ল শতাধিক কণ-কণ ফুটবল খেলুৱৈ আৰু তেওঁলোকৰ অভিভাৱকৰ ৷ দেশৰ জনপ্ৰিয় ফুটবল টুৰ্ণামেণ্ট আই এছ এলৰ আৰ্হিত নতুন প্ৰতিভাৰ সন্ধানত এই ড্ৰীম লীগ ফুটবল টুৰ্ণামেণ্ট আৰম্ভ কৰা হৈছে ৷ বিগত দুমাহ ধৰি বিভিন্ন খেলপথাৰত এই ৭ টা দলৰ প্ৰস্তুতিৰ অন্তত সাজু হৈ উঠিল ৭ টা দলৰ বচা বচা খেলুৱৈ ৷ দেওবাৰে দুখন লীগ মেচেৰে ড্ৰীম লীগৰ শুভাৰম্ভ হয় ৷ খেলপথাৰত দুয়োটা দলৰ খেলুৱৈ আৰু ৰেফাৰীৰ লাইনআপ সম্পূৰ্ণ হোৱাৰ পিছত পৰিবেশন কৰা
‘অ’ মোৰ আপোনৰ দেশ’ জাতীয় সংগীত পৰিবেশনে সমগ্ৰ ষ্টেডিয়ামৰ দৰ্শকৰ চকু সেমেকাই তোলে ৷ প্ৰথম মেচত বামুণ দলনি ব্লুজ আৰু দিখৌমুখীয়া ডাইনামোজ দলে ৩-৩ গ’লত ড্ৰ খেলি পইণ্ট ভগাই লয় ৷ ইয়াত হিৰো অৱ দ্য মেচ ৰূপে বিবেচিত হয় লক্ষীনাথ চেত্ৰী ৷ ৰেফাৰী হিচাপে মেচ পৰিচালনা কৰে দুষ্মন্ত মৰাং, শ্ৰীমতী বেবীজ্যেতি হাজৰিকা, জিতুপন মিলি আৰু কুমাৰ ডেদিলাছ দাসে ৷ দ্বিতীয়খন লীগ মেচত উলুবাৰী ইউনাইটেড দলে হাতীলোং জুনিয়ৰ দলক ১-০ গ’লত পৰাজিত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে ৷ দ্বিতীয় মেচত হিৰো অৱ দ্য মেচ ৰূপে বিবেচিত হয় নিৰজ গগৈ ৷ মেচখন পৰিচালনা কৰে শ্ৰীমতী তনয়া দলে, দীপাংকৰ টায়ে, প্ৰিয়ম প্ৰতিম চেতীয়া আৰু চতুৰ্থ ৰেফাৰী দুষ্মন্ত মৰাং ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি লতিফুৰ আহমেদ হুছেইন, উত্তৰ লখিমপুৰ কলেজৰ অধ্যক্ষ ড॰ বিমান চেতিয়া, নগৰৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ সম্পাদক আনন্দ তামুলী ফুকন, হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ সভাপতি কৃষ্ণকান্ত সন্দিকৈ, সমাজ সেৱক তথা চেম্পিয়ন দলৰ ট্ৰফী দাতা অচ্যুত পাৱে আৰু ফাইনেলিষ্ট দলৰ ট্ৰফী দাতা প্ৰবীণ দস্তিদাৰ ৷ সোমবাৰে লীগৰ দুখন মেচৰ ভিতৰত প্ৰথমখনত মুখামুখি হ’ব মাজগাঁও জুনিয়ৰ ষ্টাৰ বনাম জহিং ইউনাইটেড ফাইটাৰ্ছ আৰু আনখন মেচত আৰ এম এছ ৰাংচালী বনাম বামুণদলনী ব্লুজ দলে ৷ প্ৰথম মেচ দিনৰ ২.৩০ বজাৰ পৰা আৰু দ্বিতীয় মেচ বিয়লি ৪.০০ বজাৰ পৰা আৰম্ভ হ’ব ৷ আয়োজক হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শাৰীৰিক শিক্ষা বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী দীপাংকৰ তামুলী ফুকনে জনোৱা মতে ড্ৰীম লীগত অংশগ্ৰহণ কৰা শতাধিক চেমনীয়া খেলুৱৈৰ মাজৰ পৰা ৩০ গৰাকী প্ৰতিভাসম্পন্ন ফুটবলাৰক নিৰ্বাচন কৰি পৰৱৰ্তী সময়ত হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ দ্বাৰা উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷ ক্ৰীড়াপ্ৰেমীৰ আশা– হাতীলোং ফুটবল কোচিং চেণ্টাৰৰ ড্ৰীম লীগ সফল হওক ৷ এই লীগৰ দ্বাৰা ভৱিষ্যতে দক্ষ ফুটবলাৰৰ সৃষ্টি হওক ৷ অসমৰ গাঁৱে-ভূঞে এনেধৰণৰ লীগ আয়োজনৰ যোগেদি চেমনীয়া ফুটবলৰ বাবে মঞ্চ তৈয়াৰ হওক ৷ হাতীলোং কোচিং চেণ্টাৰৰ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাবে আৰ্হি হৈ উঠক ৷