Monday, October 3, 2022
HomeNewsনতুন ৰূপত ধোনিক দেখি আচৰিত ইৰফান পাঠান

নতুন ৰূপত ধোনিক দেখি আচৰিত ইৰফান পাঠান

অলিম্পিয়াৰ প্ৰতিবেদন

মহেন্দ্ৰ সিং ধোনিৰ এক বিশেষ কাৰ্যক লৈ আচৰিত হৈ পৰিছে তেওঁৰ একালৰ সহযোগী ক্ৰিকেটাৰ ইৰফান পাঠান। সাধাৰণতে অন্যান্য ক্ৰিকেটাৰৰ সৈতে খেল পথাৰত বেটিং, ফিল্ডিং আৰু শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰে ধোনিয়। ইয়াৰ উপৰিও কেতিয়াবা খেলে ফুটবল। ভাৰতীয় জাতীয় দলৰ শিবিৰতেই হ‌ওক বা চিএছকেৰ শিবিৰতেই হ‌ওক ধোনিক এইদৰেই দেখি আহিছে তেওঁৰ সতীৰ্থসকলে। পিছে এইবাৰ ধোনিক আন এক বিশেষ অনুশীলনত লিপ্ত হোৱা দেখি আচৰিত হৈ পৰিছে তেওঁৰ সতীৰ্থ ইৰফান পাঠান।

ধোনিৰ লগত পাৰ কৰা সুদীৰ্ঘ সময়ৰ ভিতৰত এইবাৰ পোন প্ৰথমবাৰৰ বাবে ধোনিক উইকেটৰক্ষকৰ অনুশীলনত লিপ্ত হোৱা দেখিবলৈ পালে তেওঁৰ সতীৰ্থসকলে। বিশ্বৰ শ্ৰেষ্ঠ উইকেট ৰক্ষকৰ ভিতৰত স্থান লাভ কৰক বা নকৰক, এগৰাকী উইকেটকীপাৰৰ হিচাপে ধোনিক যে সকলোৱে মনত ৰাখিব সেয়া নিশ্চিত। উইকেট ৰক্ষণৰ অসাধাৰণ শৈলী ধোনিৰ। পিছে কেতিয়াও ধোনিয়ে খেল পথাৰত উইকেট ৰক্ষণৰ অনুশীলনত লিপ্ত হোৱা নাই।

ধোনিক এইদৰে উইকেট ৰক্ষণৰ অনুশীলনত দেখি একালৰ সতীৰ্থ ইৰফান পাঠানে কৈছে, আইপিএলৰ আৰম্ভণিৰ পূৰ্বে আমি চিএছকেৰ কেম্পত বিশেষ দৃশ্য দেখিবলৈ পাইছোঁ।য’ত এম এচ ধোনিয়ে উইকেট ৰক্ষণৰ অনুশীলন কৰিছে। এনেকুৱা কেতিয়াও হোৱা নাই। এই দৃশ্য মোৰ বাবে একেবাৰে নতুন।কিয়নো মই তেওঁৰ লগত ইমান বছৰ ক্ৰিকেট খেলিছো লাগে সেয়া ভাৰতীয় দলৰ বাবে হ‌ওক বা চিএছকেৰ বাবে হ‌ওক, মই তেওঁক কেতিয়াও উইকেট ৰক্ষণৰ অনুশীলন কৰা দেখা নাই। ইয়াৰ কাৰণ তেওঁ দীৰ্ঘ সময়ৰ বাবে ক্ৰিকেট নেখেলাটো। মই ভাবোঁ কোনো নতুন লেগ স্পীনাৰ আছিল যাৰ বাবে তেওঁ সেই স্পীনাৰ গৰাকীক অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল। ধোনিয়ে এইদৰে অনুশীলনত লিপ্ত হোৱাটো খুব ভাল কথা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments