অলিম্পিয়া প্ৰতিবেদন
২০২২ বৰ্ষৰ নৱেম্বৰত গুৱাহাটীত অনুস্থিত হ’ব ৰাষ্ট্ৰীয় পেৰা ছুইমিং চেম্পিয়নশ্বিপ ৷ অসম পেৰা স্পৰ্টছ এছ’চিয়েচনৰ মুখ্য পৃষ্ঠপোষক হ’বলৈ সন্মতি জনোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাক অভিনন্দন জনালে ভাৰতীয় পেৰালিম্পিক কমিটি (পি চি আই)ৰ সম্পাদকপ্ৰধান গুৰচৰণ সিং, সদস্য অশোক বেদী আৰু লতা সিঙে ৷ গুৱাহাটীত ৰিণিকি ভূঞা শৰ্মাক অভিনন্দন জনোৱা সময়ত উপস্থিত থাকে অসম পেৰা স্পৰ্টছ এছ’চিয়েচনৰ সম্পাদক ৰাজীৱ দে ৷ গুৱাহাটীত ৰাষ্ট্ৰীয় পেৰা ছুইমিং চেম্পিয়নশ্বিপ আয়োজনত ৰাজ্য চৰকাৰৰ পূৰ্ণ সমৰ্থন আদায় কৰিব বুলি ৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোক তেওঁ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি তেওঁ পেৰালিম্পিক স্পৰ্টছক সম্পূৰ্ণ সমৰ্থন দিয়াৰ বাবে চৰকাৰৰ সহযোগিতা আদায় কৰিবলৈও সন্মত হয় ৷