Sunday, October 2, 2022
HomeNewsনলবাৰীত যোগ সম্পৰ্কীয় আলোচনা চক্ৰ

নলবাৰীত যোগ সম্পৰ্কীয় আলোচনা চক্ৰ

নলবাৰীত যোগ সম্পৰ্কীয় আলোচনা চক্ৰ

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত যোগ ক্ৰীড়া আৰু মনঃস্তত্ব বিভাগৰ দ্বাৰা অহা ১মে’ত অৰবিন্দ যোগ মহাবিদ্যালয়, ড্ৰিমলেণ্ড বিবাহ ভৱন, অমিয়াপুৰ, নলবাৰীত পুৱা ১০ বজাৰ পৰা ১২ বজালৈ যোগ সম্পৰ্কীয় এখন আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে । নলবাৰী ক্ৰীড়া সন্থাই প্ৰথম বাৰৰ বাবে যোগ ক্ৰীড়া আৰু মনঃস্তত্ব বিভাগৰ শুভ আৰম্ভ কৰিছে । যাৰ জড়িয়তে জিলাখনৰ যোগ ক্ৰীড়াবিদক শাৰিৰীক, মানসিক, আধ্যাত্মিক আৰু বৌদ্ধিকভাৱে আগবঢ়াই নিয়াৰ লগতে নলবাৰী জিলাক পূৰ্ণাঙ্গ যোগ জিলালৈ ৰূপান্তৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে ।

আৰু অধিক পঢ়ক

উক্ত কাৰ্যক সফল ৰূপ দিয়াৰ বাবে নলবাৰীৰ বিভিন্ন যোগ বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন সন্থা, যোগাচাৰ্য, যোগ শিক্ষাৰ্থীৰ লগতে ক্ৰীড়া বিভাগৰ বিষয়ববীয়াকলৈ উক্ত আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে বুলি ক্ৰীড়া সন্থাৰ যোগ ক্ৰীড়া আৰু মনঃস্তত্ব বিভাগৰ সম্পাদক শশীন্দ্ৰ শৰ্মাই জনাইছে । ইয়াত উপস্থিত থাকিব নলবাৰী সমষ্টিৰ বিধায়ক, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, নলবাৰী জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, গ্ৰাম্য বিকাশ মঞ্চ, বৰবৰীৰ অধ্যক্ষ পৃথ্বীভূষণ ডেকা । পুৱা ১০ বজাত হ’বলগীয়া অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰিব ক্ৰীড়া সংগঠক দীনবন্ধু তালুকদাৰ আৰু মঃ জেহৰুল আমিনে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments