নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস
প্ৰথমবাৰৰ বাবে সমগ্ৰ অসমত ৰাজ্যপালৰ মহিলা ভলীবল মিছন আচঁনিয়ে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা পৰিলক্ষিত হৈছে । বিদ্যালয়সমূহত ভলীবল খেলে ছাত্ৰীসকলক সাহস আৰু প্ৰেৰণা দিছে । কোনোদিন হাতেৰে ভলীবল চুই নোপোৱা ছাত্ৰীসকলে এবাৰলৈ হ’লেও বলটো চুই চাবলৈ সক্ষম হৈছে ।
কম ঠাইত, কম খৰছত, আঘাটৰ বৰ বেছি সমস্যা নথকা, ফলাফলৰ বাবে ঘন্টাৰ পিছত ঘন্টা ৰৈ থাকিব নলগা বাবে ভলীবল খেল অসমৰ জনপ্ৰিয় খেল । বিশেষকৈ গ্ৰাম্যাঞ্চলত ইয়াৰ জনপ্ৰিয়তা সৰ্বাধিক । ৰাজ্যখনত মহিলাই ভলীবল খেলাতো এতিয়াও মুকলিমূৰীয়া হৈ উঠা নাই ।
অৱশ্যে কেইখনমান জিলাই প্ৰায় একক প্ৰচেষ্টাৰে মহিলা ভলীবলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বহু কষ্ট আৰু তাগ স্বীকাৰ কৰি আজিও মহিলা ভলীবলক জীয়াই ৰাখিছে । বিদ্যালয়সমূহত ৰাজ্যপালৰ মহিলা ভলীবল মিছন আঁচনিয়ে নিশ্চিতভাৱে এক সুখৰ বতৰা কঢ়িয়াই আনিছে । অইন নহলেও বিদ্যালয়সমূহত ভলীবলৰ জড়িয়তেই এক ক্ৰীড়াৰ পৰিবেশ গঢ় লৈ উঠিছে ।
অসমৰ বিভিন্ন জিলাৰ লগতে নলবাৰীতো আঁচনি খনৰ প্ৰভাৱ পৰা দেখা গৈছে । এতিয়া নলবাৰীত ১৩২ খন বিদ্যালয়ত আঁচনি খনৰ জড়িয়তে চলি আছে ভলীবলৰ প্ৰশিক্ষণ । যোৱা মাৰ্চ মাহৰ পৰাই চলি আছে উক্ত প্ৰশিক্ষণ । বহু বিদ্যালয়তে ভলীবলৰ খেলপথাৰ নাই যদিও নলবাৰী জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাৰ তৎপৰতাত নতুনকৈ বাঁহৰ খুটাৰে খেলপথাৰ তৈয়াৰ কৰি শাৰীৰিক নিৰ্দেশকসকলে যথেষ্ট কষ্ট কৰি খেলুৱৈসকলক ভলীবলৰ প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে ।
আঁচনি ৰূপায়ন কৰিব লাগে কাৰণেই তেওঁলোকে এই প্ৰশিক্ষণ আৰম্ভ কৰা নাই । আঁচনিখনৰ পৰা ভাল ফলাফল আশা কৰিয়েই তেওঁলোকে যুদ্ধংদেহী প্ৰস্তুতিৰে খেলপথাৰত নামি পৰিছে ।
শাৰীৰিক নিৰ্দেশকৰ উপৰি তেওঁলোকে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ, বৰ্তমান খেলি থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ তথা অভিজ্ঞ জিলা পৰ্যায়ৰ খেলুৱৈসকলক নিয়োগ কৰিছে । সেই সকলৰ ভিতৰত মধুস্মিতা বৈশ্য, পূৰৱী কলিতা, দিপাঞ্জলী কলিতা, কল্পনা কলিতা, হিমাশ্ৰী বৰুৱা, কৌস্তুভমনি কলিতা, ধ্ৰুৱজ্যোতি কলিতা, বিদ্যুৎ কলিতা, ভাস্কৰ কলিতা, মুকুল কলিতা, কনক বৰ্মন, দুলুমনি বৰ্মন, ফণী ঠাকুৰীয়া, আফাজুল ৰহমান, প্ৰণৱ দত্ত, সঞ্জয় সাউদ, জয়ন্ত সাউদ, নীৰেন শৰ্মা, উৎপল ভট্ট, দেৱজিৎ ঠাকুৰীয়া, প্ৰতুল ভট্ট, গিৰীশ তালুকদাৰ, কল্পনা কলিতা, কুলেন মজুমদাৰ, জৰ্জ গৌতম, জিৎপল কলিতা, সঞ্জয় বৰ্মন, হৰিশ তামুলী, পিংকী হাজৰিকা আদি । এইসকল অভিজ্ঞ খেলুৱৈৰ পৰা প্ৰশিক্ষণ লাভ কৰি মহিলা খেলুৱৈ সকল যথেষ্ট উপকৃত হোৱা বুলি ক’ব পাৰি । বিদ্যালয়সমূহত প্ৰাথমিক প্ৰশিক্ষণ শেষ হোৱাৰ পিছতে ১৩২ খন বিদ্যালয়ক লৈ ৩০ টা ভলীবল প্ৰশিক্ষণ চেণ্টাৰ গঠন কৰিব বুলি জিলা সমন্বয়ক বিপুল কুমাৰ সাউদে জনাইছে । ইয়াৰে পৰা জিলা দল গঠন কৰি মাণ্ডলিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হ’ব । মাণ্ডলিক চেম্পিয়ন হোৱা দলটোৱে ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত ভাগ ল’ব বুলি জানিব পৰা গৈছে ।