Thursday, May 19, 2022
HomeNewsনলবাৰীৰ প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ নুৰুল আলম

নলবাৰীৰ প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ নুৰুল আলম

নলবাৰীৰ প্ৰতিভাসম্পন্ন ক্ৰিকেটাৰ নুৰুল আলম

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: নলবাৰীত ক্ৰিকেটৰ কোনো ধৰণৰ আন্তঃ গাঠনি অবিহনে একমাত্ৰ সাহস আৰু একাগ্ৰতাৰ জড়িয়তে যি সকল খেলুৱৈয়ে জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে সেই সকলৰ ভিতৰত নুৰুল আলমৰ নাম উল্লেখযোগ্য । ১৯৭৩ চনত হাতেম আলী আৰু পৰিজান বেগমৰ ঘৰত নলবাৰীৰ ৰাজনগৰত আলমৰ জন্ম হয়।

১৯৯১ চনত গৰ্ডন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ নলবাৰী কলেজত নাম লগাইছিল যদিও বিভিন্ন অসুবিধাৰ বাবে তেওঁৰ স্নাতক ডিগ্ৰী লোৱা নহ’ল । সৰুৰে পৰাই ক্ৰিকেটৰ প্ৰতি আছিল তেওঁৰ অধিক দুৰ্বলতা । যতে ততে, যেতিয়াই যেনেকৈ পাৰে ক্ৰিকেট খেলিছিল । খেলিবলৈ এখন ক্ৰিকেট বেটো নাছিল । কাঠেৰে বেট বনাই লৈ ক্ৰিকেট চাই চাই বল বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ মাৰি পঠিওৱাটো আলমৰ বাবে সহজ কথা আছিল ।

আৰু অধিক পঢ়ক

ক্ৰিকেটৰ প্ৰতি থকা অধিক দুৰ্বলতাৰ বাবে তেওঁ অইন একো কথাতে গুৰুত্ব নিদি ক্ৰিকেটতে জীৱন সমৰ্পণ কৰিলে । শয়নে সপোনে ক্ৰিকেটৰ নিচাত ডুবি আছিল প্ৰতিটো দিন । ক্ৰিকেটৰ ন্যুনতম সা-সুবিধা নথকা জিলাখনৰ পৰা ক্ৰিকেটাৰ হৈ প্ৰতিষ্ঠা হোৱাটো কম কথা নহয় । বহুত ত্যাগ আৰু কষ্টৰ বিনিময়ত তেওঁ ক্ৰিকেটৰ বেট হাতত তুলি লৈ এজন প্ৰতিভাৱান খেলুৱৈ হিচাপে ৰাজ্যখনত চিনাকী হৈ পৰে । যি সময়ত দলৰ প্ৰয়োজন হয় ঠিক সেই সময়তে তেওঁ দলক আগবঢ়াই লৈ যায় ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দলৰ সদস্য সকলেও তেওঁক যথেষ্ট আস্থা আৰু বিশ্বাসত লৈছিল । ১৯৮৮ চনত গুৱাহাটীৰ নৱাব আলীৰ তত্বাবধানত তেওঁ ক্ৰিকেটৰ প্ৰাথমিক জ্ঞান লাভ কৰিছিল । ১৯৮৮ চনত নলবাৰীত অনুষ্ঠিত আন্তঃজিলা আৰ জি বৰুৱা ক্ৰিকেট প্ৰতিযোগিতিত তেওঁ নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ হিচাপে পৰিগনিত হৈছিল । তেতিয়াৰ পৰাই তেওঁ পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই । ইখনৰ পিছত সিখন আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।

ইয়াৰ ভিতৰত ১৯৮৯ চনত বৰপেটাত অনুষ্ঠিত আন্তঃ জিলা আৰ জি বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ অংশ গ্ৰহন কৰে । ১৯৯০ চনত ধুবুৰীত অনুষ্ঠিত আন্তঃ জিলা আৰ জি বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি দুখন খেলত দুটা হাফ চেঞ্চুৰী কৰি সকলোৰে দৃষ্টি আকৰ্যণ কৰিবলৈ সক্ষম হৈছিল । ১৯৯১ চনত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃ জিলা খাকান আহমেদ ক্ৰিকেট প্ৰতিযোগিতাত নলবাৰীৰ ক্ৰিকেট দলটোৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি তিনিচুকীয়াৰ বিৰুদ্ধে ৮ উইকেট যোৱাৰ পিছত তেওঁ ৫০ ৰাণৰ বৰঙণি আগবঢ়াই দলটোৰ বিজয়ত মুখ্য ভুমিকা পালন কৰে ।

নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত আন্তঃক্লাব ক্ৰিকেট লীগত অংকুৰ গোষ্ঠীক প্ৰতিনিধিত্ব কৰা আলমে ১০৮ ৰাণ কৰা একমাত্ৰ কনিষ্ঠ খেলুৱৈ হিচাপে পৰিগনিত হয় । ইয়াৰ সুবাদতে ১৯৯০ আৰু ‘৯১ চনত অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা আবতৰীয়া ক্ৰিকেট শিবিৰত তেওঁ দুবাৰকৈ অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছিল । সেই সময়ৰ ৰঞ্জী ট্ৰফী, কোচবিহাৰ ট্ৰফী আৰু বিজয় মাৰ্চেন্ট ট্ৰফী খেলা খেলুৱৈ সকলকো উক্ত শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছিল । উক্ত শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ক্ৰিকেটৰ এন আই এছ প্ৰনৱ বৰুৱা আৰু গৌতম হাজৰিকা ।

এমাহ ধৰি চলা প্ৰশিক্ষণ শিবিৰটোত তেওঁ যথেষ্ট কথাই শিকিব পাৰিছিল আৰু ৰঞ্জী ট্ৰফী খেলাৰ বাবে প্ৰৱল দাবীদাৰ হৈ উঠিছিল । কিন্তু শেষ মুহুৰ্তত তেওঁ দলটোত নিৰ্বাচিত ন’হল । এই দুখে তেওঁক আজিও খেদি লৈ ফুৰে । ইয়াৰ পিছত তেওঁ ১৯৯৪ চনৰ পৰা ১৯৯৬ চনলৈ নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক আৰু ২০০৩ৰ পৰা ২০১৬ চনলৈ সহঃ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰে।

২০২১ চনত গোলাঘাটত অনুষ্ঠিত ১৯ বছৰ অনূৰ্দ্ধৰ জে কে বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত নলবাৰী জিলা দলটোৱে পোন প্ৰথম বাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে আৰু দলটোৰ মেনেজাৰৰ দায়িত্ব নুৰুল আলমে পালন কৰি দলটো বিজয়ী হোৱাত মুখ্য ভুমিকা পালন কৰে । ইয়াৰ উপৰি ক্ৰীড়া সন্থাৰ ক্ৰিকেট লীগৰ লগতে জিলাখনৰ বিভিন্ন জিলাত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত দক্ষ আম্পায়াৰৰ ভূমিকা পালন কৰি আহিছে । বৰ্তমান তেওঁৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা ।

এসাজ খাই এসাজ লঘোনে থাকিবলগীয়া হয় । এই দুৰ্দিনৰ সময়ত তেওঁক কেইবাবছৰো ধৰি এতিয়ালৈ সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তথা বিশিষ্ট ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰীক আন্তৰিকতাৰে শলাগ জনায় । নৱগঠিত নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই তেওঁক জিলা ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্ব দি নুন্যতম মাননী দিয়াৰ ব্যৱস্থা কৰা কাৰ্যক ক্ৰীড়াপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে । বৰ্তমান তেওঁ নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব পালন কৰি আছে । হেজাৰ অসুবিধাৰ মাজতো ক্ৰীড়াক এৰি নিদিয়া নুৰুল আলম নলবাৰী জিলাৰ নৱ প্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বাবে আদৰ্শ । ক্ৰীড়াৰ এগৰাকী সুনিপুণ যোদ্ধা হিচাপে তেওঁ জিলা খনতে নহয় ৰাজ্যখনৰ ক্ৰীড়া মহলত বহুল চৰ্চিত এটা নাম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments