Tuesday, July 5, 2022
HomeNewsনলবাৰীৰ বিভিন্ন স্থানত যোগদিৱস উদযাপন

নলবাৰীৰ বিভিন্ন স্থানত যোগদিৱস উদযাপন

নলবাৰীৰ বিভিন্ন স্থানত যোগদিৱস উদযাপন

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: ব্যাক্তিৰ শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক উত্তৰণৰ ক্ষেত্ৰত যোগৰ ভূমিকা নিঃসন্দেহে গুৰুত্বপূৰ্ণ । মঙলবাৰে অষ্টম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে নলবাৰী জিলাৰ বিভিন্ন ঠাইত পুৱা ৭ বজাত যোগ দিৱস উদযাপন কৰা হয় ।

ইয়াৰ ভিতৰত নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত যোগ ক্ৰীড়া আৰু মনঃস্তত্ব বিভাগৰ দ্বাৰা ক্ৰীড়া ভৱনত যোগ দিৱস উদযাপন কৰা হয় । নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, সন্থাৰ যোগ ক্ৰীড়া আৰু মনঃস্তত্ব বিভাগৰ সম্পাদক শশীন্দ্ৰ শৰ্মাকে ধৰি সন্থাৰ বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উক্ত অনুষ্ঠানত উপস্থিত থাকে ।

আৰু অধিক পঢ়ক

নলবাৰী বৰআজাৰাৰ শ্ৰীশ্ৰী বাসন্তী মন্দিৰ প্ৰাঙ্গনত ক্ৰীড়া ভাৰতীৰ উদ্যোগত আৰু নলবাৰী যোগাসন ক্ৰীড়া সন্থা, পতঞ্জলী নলবাৰী জিলা আৰু বাসন্তী মন্দিৰ সমিতিৰ সহযোগত যোগ দিৱস পালন কৰা হয় । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে শ্ৰীশ্ৰী বাসন্তী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমাপতি শৰ্মাই ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

যোগাসনৰ বিষয়ে বক্তব্য প্ৰদান কৰি অনুষ্ঠানটো উদ্ধোধন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্ত্তীয়ে । উপস্থিত থাকে নলবাৰী নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা, বিভাগ প্ৰচাৰক জ্ঞানমোহন মণ্ডল, যোগাসন ক্ৰীড়া সন্থা নলবাৰী জিলাৰ সভাপতি ঈশ্বৰ চন্দ্ৰ গোস্বামী, যোগ প্ৰমুখ অখিল শৰ্মা, ক্ৰীড়া ভাৰতী নলবাৰী জিলা সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৰ্মন, সাধাৰণ সম্পাদক বিপুল কুমাৰ সাউদ প্ৰমুখ্যে বিভিন্ন সংগঠনৰ কাৰ্যকৰ্তাসকল ।

ভাৰতীয় জনতা যুৱমৰ্চা বড়িগোগ বনভাগ মণ্ডল সমিতি আৰু এছ টি মৰ্চা নলবাৰী জিলা সমিতিৰ যুটীয়া উদ্যোগত ক্ৰীড়া ভাৰতীৰ সহযোগত সাগৰকুছি-খাতিকুছি চকত অৱস্থিত দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । উক্ত অনুষ্ঠানত যুৱমৰ্চা বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সভাপতি হৰেশ্বৰ দাস, এছ টি মৰ্চা নলবাৰী জিলা সমিতিৰ সভাপতি হিতেশ ব্ৰহ্ম আদি কৰি বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments