নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস
নলবাৰী ক্ৰীড়া সন্থাৰ ‘নলবাৰী আন্তঃক্লাব ফুটবল লীগ প্ৰতিযোগিতা ১২ জুন, দেওবাৰৰ পৰা আৰম্ভ হৈছে । বিয়লি ৩ বজাত ৭ টা ব্লকৰ ৭ খন সুকীয়া খেলপথাৰত উক্ত লীগৰ শুভৰাম্ভণি কৰা হয় । সেই মৰ্মে পূব নলবাৰী ব্লকৰ গৰ্ডন স্কুল খেলপথাৰত স্পোটিং ইউনিয়ন আৰু বালিকৰিয়া ক্ৰীড়া সংঘইৰ মাজত চলা খেলখন ১-১ গ’লত ড্ৰ হোৱাত দুয়ো দলে পইণ্ট ভগাই লয় । উক্ত প্ৰতিযোগিতাত ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ উপ সভাপতি উৎপল ডেকাই আৰু খেলখন উদ্ধোধন কৰে গ্ৰাম্য বিকাশ মঞ্চ, বৰবৰীৰ সভাপতি পৃথ্বিভূষণ ডেকাই । মধুপুৰ ব্লকৰ নতুন দেহৰ হাইস্কুল খেলপথাৰত গ্লেমাৰ স্পোৰ্টছ ক্লাবে নেহৰু এথলেটিকছ ক্লাবক ৩–১ গ’লত পৰাজিত কৰে । টিহু ব্লকৰ মাখিবাহা খেলপথাৰত মাখিবাহা ক্ৰীড়া সংঘই টিহু স্পোৰ্টছ এছোচিয়েচনক ৩-১ গ’লত পৰাজিত কৰে । পশ্চিম নলবাৰী ব্লকৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ডলফিন স্পোৰ্টছ ক্লাবে বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘক ১-০ গ’লত পৰাজিত কৰে । বৰক্ষেত্ৰী ব্লকৰ দেশভক্ত ষ্টেডিয়াম, মুকালমুৱাত লোহাৰকাথা যুৱক সংঘই বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘক ৩-০ গ’লৰ ব্যাৱধানত পৰাজিত কৰে । বৰভাগ ব্লকৰ কৰিয়া হাইস্কুল খেলপথাৰত কৰিয়া যুৱক সংঘই বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘক ২ -১-গ’লত পৰাস্ত কৰে । বড়িগোগ বনভাগ ব্লকৰ ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত ধমধমা স্পোৰ্ট এছোচিয়েচনে বনভাগ উদয়ন সংঘক ১০-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি ৰাউণ্ডত সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে । সোমবাৰে একেই সময়তে ৭ টা ব্লকৰ খেলপথাৰত অন্য দলৰ লীগ খেল অনুষ্ঠিত হ’ব বুলি নলবাৰী ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামীয়ে জনাইছে । ইতিমধ্যে লীগত ২৯ টা ক্লাব-সংঘই যোগদান নিশ্চিত কৰিছে ।