Thursday, July 7, 2022
HomeNewsনলবাৰী ফুটবল লীগ ১২ জুনৰ পৰা

নলবাৰী ফুটবল লীগ ১২ জুনৰ পৰা

নলবাৰী ফুটবল লীগ ১২ জুনৰ পৰা

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: বহু প্ৰত্যাশিত নলবাৰী ক্ৰীড়া সন্থাৰ ‘নলবাৰী ফুটবল লীগ’ অহা ১২ জুনৰ পৰা অনুষ্ঠিত হ’ব । উক্ত দিনাই বিয়লি ৩ বজাত ৭ টা ব্লকত উক্ত লীগৰ শুভৰাম্ভণি কৰা হ’ব । সেই মৰ্মে পূব নলবাৰী ব্লকৰ গৰ্ডন স্কুল খেলপথাৰত– স্পোটিং ইউনিয়ন বনাম বালিকৰিয়া ক্ৰীড়া সংঘ ।

মধুপুৰ ব্লকৰ নতুন দেহৰ হাইস্কুল খেলপথাৰত– গ্লেমাৰ স্পোৰ্টছ ক্লাব বনাম বৰসৰকুছি ৰাইজিং স্পোৰ্টচ ক্লাব । টিহু ব্লকৰ মাখিবাহা খেলপথাৰত– টিহু স্পোৰ্টছ এছ’চিয়েচন বনাম মাখিবাহা ক্ৰীড়া সংঘ । পশ্চিম নলবাৰী ব্লকৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত– বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘ বনাম ডলফিন স্পোৰ্টছ ক্লাব ।

আৰু অধিক পঢ়ক

বৰক্ষেত্ৰী ব্লকৰ দেশভক্ত ষ্টেডিয়াম, মুকালমুৱাত– লোহাৰকাথা যুৱক সংঘ বনাম বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘ । বৰভাগ ব্লকৰ কৰিয়া হাইস্কুল খেলপথাৰত– বৰভাগ আঞ্চলিক ক্ৰীড়া সংঘ বনাম ক্ৰীড়া যুৱক সংঘ আৰু বড়িগোগ বনভাগ ব্লকৰ ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত– ধমধমা স্পোৰ্ট এছ’চিয়েচন বনাম বনভাগ উদয়ন সংঘই ভাগ ল’ব । ইতিমধ্যে লীগত ২৯ টা ক্লাব-সংঘই যোগদান নিশ্চিত কৰিছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

নৱনিৰ্বাচিত নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই জিলাৰ সমূহ ক্ৰীড়াকে একগোট কৰি ক্ৰীড়াক হাতে হাত ধৰি আগবঢ়াই নিয়াৰ পোষকতা কৰি গ্ৰাম্যাঞ্চলত সিচঁৰতি হৈ থকা ক্লাব-সংঘসমূহক ক্ৰীড়া সন্থাৰ নতুনকৈ স্বীকৃতি বা সাময়িকভাৱে স্বীকৃতি প্ৰদান কৰি খেলুৱৈসকলক নিজ- নিজ ক্লাবৰ হৈ খেলিবলৈ উৎসাহিত কৰা পৰিলক্ষিত হৈছিল ।

যাৰ বাবে লীগ খনত গৰিষ্ঠ সংখ্যক ক্লাবে যোগদান নিশ্চিত কৰিছে । ইয়াৰ জড়িয়তে নলবাৰী জিলাত ফুটবলৰ অধিক খেলুৱৈৰ জন্ম হৈ জিলাখনক ফুটবলত চহকী কৰি তুলিব বুলি সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰৰ লগতে ফুটবল সম্পাদক ৰাতুল গোস্বামীয়ে আশা প্ৰকাশ কৰিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments