Friday, September 30, 2022
HomeNewsনহ'ব পাৰে গুৱাহাটীত আই পি এল; প্ৰকাশ পালে আই পি এলৰ সূচী;...

নহ’ব পাৰে গুৱাহাটীত আই পি এল; প্ৰকাশ পালে আই পি এলৰ সূচী; গুৱাহাটীত হবলগীয়া দুখন মেচ স্থানান্তৰ হ’ব পাৰে জয়পুৰলৈ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ঐশ্বৰ্যশালী ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ কথা। আই পি এলৰ অন্যতম দল ৰাজস্থান ৰয়েলছে অসমৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক নিজৰ দ্বিতীয়খন হোমগ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। দলটোৱে শেহতীয়াকৈ অসম ক্ৰিকেট সন্থাৰ লগত এক যুতীয়া সংবাদমেলত অংশগ্ৰহণ কৰি বৰ্ষাপাৰাত এই বিষয়ে ঘোষণা কৰিছিল। বিগত বৰ্ষৰ ৬ নৱেম্বৰ তাৰিখে ৰাজস্থান ৰয়েলছ দলটোৰ অন্যতম স্বত্বাধিকাৰী মনোজ বাদালে সংবাদ মেলখনত এই কথাও ঘোষণা কৰিছিল যে বৰ্ষাপাৰাত দলটোৱে দুখন বা তিনিখন আই পি এলৰ মেচ খেলিব। এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে স্বাভাৱিকতে অসমৰ ক্ৰিকেট অনুৰাগীসকল আনন্দিত হৈ পৰিছিল।

প্ৰকাশ পালে আই পি এলৰ সূচী

বৰ্ষাপাৰাত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ খবৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছিল যদিও অসমৰ ক্ৰিকেট অনুৰাগীৰ মনত এক সন্দেহৰ ভাৱ ৰৈ গৈছিল। অৱশ্যে সংবাদ মেলত ৰাজস্থান ৰয়েলছ দলৰ প্ৰতিনিধি আৰু অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই নিজ মুখেৰে এই কথা অৱগত কৰাক লৈ সকলো আশ্বস্ত আছিল আই পি এলৰ মেচ গুৱাহাটীতে উপভোগ কৰিব পাৰিব বুলি। অৱশেষত কালি প্ৰকাশ পালে আই পি এলৰ সূচী। সূচী অনুসৰি ২৯ মাৰ্চৰ পৰা আৰম্ভ হ’ব দ্বাদশ আই পি এলৰ মেচ। উদ্বোধনী মেচত অংশসগ্ৰহণ কৰিব মুম্বাই ইণ্ডিয়াানচ আৰু চেন্নাই চুপাৰ কিংছে। কালি প্ৰকাশ পোৱা সূচী অনুসৰি দুখন মেচ গুৱাহাটীত অনুষ্ঠিত হোৱাৰ ইংগিত বহন কৰিছে। গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচ দিল্লী ডেয়াৰডেভিলছৰ লগত আৰু দ্বীতিয়খন মেচ কলকাতা নাইট ৰাইডাৰছৰ লগত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা। কিন্তু আশ্চৰ্যজনক ভাৱে দুয়োখন মেচৰ ভ্যেনুত গুৱাহাটীৰ লগতে ৰাজস্থানৰ জয়পুৰকো ৰখা হৈছে।

বৰ্ষাপাৰাত আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ সাজু ৰাজস্থান ৰয়েলছো কিন্তু!

বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক নিজৰ দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে ঘোষণা কৰা ৰাজস্থান ৰয়েলছ দলে ষ্টেডিয়ামখনত পূৰ্বে কোৱাৰ দৰেই আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ সাজু। সাজু আই এম এজি ৰিলায়েন্স গ্ৰোপো। কালি প্ৰকাশ পোৱা আই পি এলৰ সূচীত গুৱাহাটীত দুখন মেচ অনুষ্ঠিত হোৱাৰ ইংগিত পৰিলক্ষিত হৈছে। কিন্তু আশ্চৰ্যজনকভাৱে গুৱাহাটীৰ লগতে ৰাজস্থানৰ জয়পুৰকো সেই স্থান দিয়া হৈছে। আচলতে গুৱাহাটীত মেচ অনুষ্ঠিত কৰাত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৰাজস্থানৰ পৰা। ইতিমধ্যে গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ মেচ অনুষ্ঠিত কৰাৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

কোনে বাধা দিছে আই পি এলৰ মেচ অনুষ্ঠিত কৰাত?

ৰাজস্থান ৰয়েলছ দলে গুৱাহাটীক হোম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰাৰ লগতে আই পি এলৰ মেচ অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। কিন্তু ৰাজস্থান ৰয়েলছ দলক বাধা প্ৰদান কৰিছে ৰাজস্থাননৰ তিনি ক্ৰীড়া সন্থাই। ৰাজস্থান ক্ৰিকেট এছ’চিয়েয়ন, ৰাজস্থান স্প’ৰ্টছ এছ’চিয়েচন আৰু আন এক সন্থাই বাধাৰ সৃষ্টি কৰিছে। সন্থা তনিটাই গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত কৰাক লৈ ৰাজস্থান হাই ক’ৰ্টৰ কাষ চাপিছে। তিনি সন্থাৰ তিনিজন ব্যক্তি বিমল চন্দ চৌধুৰি, যোগেশ কুমাৰ আৰু ৰাহুলে ৰাজস্থান হাইক’ৰ্টত পি আই এল দাখিল কৰিছে। ফেব্ৰুৱাৰী মাহতেই ৰাজস্থান উচ্চ ন্যায়ালয়ে বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰিব। শুনানি গ্ৰহণ কৰাৰ পিছতহে নিশ্চিত হব গুৱাহাটীত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ বিষয়টো। ইয়াৰ বাবেই আই পি এলৰ প্ৰকাশিত সূচীত গুৱাহাটীৰ লগতে একেখন মেচৰ ভ্যেনু্ জয়পুৰকো ৰাখি থোৱা হৈছে।

বৰদৈচিলাৰ লগত পাৰিবনে মুখামুখি হব অসম ক্ৰিকেট? বি চি চি আইৰ গৱৰ্ণিয় বডীও অসন্তুষ্ট

মাৰ্চ- এপ্ৰিল মাহত অনু্ষ্ঠিত হবলগীয়া আই পি এলৰ সময়চোৱাত অসমত সময়ে সময়ে সৃষ্টি হয় প্ৰচুৰ বৰষুণ। এপ্ৰিলৰ প্ৰথমভাগত শেষৰ ফালে ‘বৰদৈচিলা’ৰ তাণ্ডৱ সৃষ্টি হয়। জানুৱাৰী মাহৰ ৫ তাৰিখে শীতৰ মাজতে অহা এজাক পাতল বৰষুণৰ বাবেই বাতিল কিৰবলগীয়া হৈছিল ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ। বৰষুণৰ পানীৰ পৰা ২২ গজৰ পিটছখন সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হোৱা অসম ক্ৰিকেট সন্থাই ‘বৰদৈচিলাৰ’ৰ লগত কিদৰে মুকাবিলা কৰিব সেয়াও এখ চিন্তাৰ বিষয়। আনহাতে এজাক পাতল বৰষুণৰ বাবে ভাৰত শ্ৰীলংকাৰ বৰ্ষৰ প্ৰথম টি-২০ খনক বাতিল কৰিবলগীয়া হোৱা কাৰ্যত অসম ক্ৰিকেট সন্থাৰ ওপৰত ক্ষোভিত হৈ আছে বি চি চি আইৰ গৱৰ্ণিং বডী। এই কথা অসমৰ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দেশৰ বহু প্ৰাক্তন ক্ৰিকেটাৰে অসম ক্ৰিকেট সন্থাক মেচখন বাতিল কৰিবলগীয়া হোৱাক লৈ কঠোৰ সমালোচনাও কৰিছে। অৱশ্যে সকলো ঠিকে থাকিলে অসম ক্ৰিকেট সন্থাই আই পি এলৰ দুখন মেচ সুকলমে অনুষ্ঠিত কৰি পূৰ্বৰ ভূলৰ প্ৰায়শ্চিত্ত কৰাৰ এক সুযোগ লাভ কৰিব।

ফটো- ইণ্টাৰনেটৰ পৰা সংগৃহীত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments