নাজিৰা মহাবিদ্যালয়ত ক্ৰীড়াৰ অনন্য পৰিবেশ । শিক্ষাৰ্থীসকলে শিকিছে আত্মৰক্ষাৰ কৌশল ।
বুধবাৰে নাজিৰা মহাবিদ্যালয়ৰ উদ্যোগত অসম কুডু সন্থাৰ সহযোগত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এদিনীয়া বিনামূলীয়া আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক পূৰ্ণকান্ত গগৈয়ে আঁতধৰা উক্ত অনুষ্ঠানতো শুভ উদ্ধোধন কৰে উপাধ্যক্ষ যুগল ভৰালীয়ে । ইয়াৰ পিছতে অসম কুডু সন্থাৰ সভাপতি তথা প্ৰশিক্ষক নয়নমণি গগৈ, সাধাৰণ সম্পাদক মুচেংফা গগৈ আৰু প্ৰশিক্ষক ৰেম্বো গগৈয়ে আত্মৰক্ষাৰ বিভিন্ন কলা কৌশল দেখুৱায় । আত্মসুৰক্ষাৰ কৌশল শিকি আনন্দিত ছাত্রীসকল । অসম কুডু সন্থাক জনালে ধন্যবাদ ।
উক্ত কাৰ্যসূচীত নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ড°সুৰেশ ৰাজকোঁৱৰ, ড°জ্যোতিৰঞ্জন মিলি, অসম কুডু সন্থাৰ প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি মহন্ত, কুডুৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বিজন ৰাজখোৱা আৰু দেৱাশিষ ফুকনো উপস্থিত থাকে ।
ক্ৰীড়া অনুৰাগীৰ আশা– -এনে প্ৰশিক্ষণে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আত্মসুৰক্ষাৰ দিশত সহায় কৰিব ।