অলিম্পিয়াৰ প্ৰতিবেদন
বছৰটোৰ দ্বিতীয় গ্ৰেণ্ড শ্লাম ফ্ৰেঞ্চ অপেনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে।২২ মে’ৰ পৰা আৰম্ভ হ’ব টুৰ্ণামেণ্টখন। এতিয়াও তাৰকা খেলুৱৈ ৰাফেল নাডালে আঘাতৰ সমস্যাৰে যুঁজি থকাৰ লগতে নভাক জকোভিছে স্বাভাৱিক ছন্দ উভতাই পোৱা নাই। এনে পৰিস্থিতিত ফ্ৰেঞ্চ অপেনৰ দাবীদাৰ কোন হ’ব?
প্ৰাক্তন ভাৰতীয় টেনিচ তাৰকা সোমদেৱ দেৱবৰ্মনে ফ্ৰেঞ্চ অপেনৰ দাবীদাৰ সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। আঘাতৰ সমস্যাৰে যুঁজি থকা ৰাফেল নাডাল আৰু হেৰুৱা ছন্দ বিচাৰি হাবাথুৰি খোৱা নভাক জকোভিছৰ পৰিৱৰ্তে এইবাৰ ফ্ৰেঞ্চ অপেনৰ প্ৰৱল দাবীদাৰ ১৯ বছৰীয়া কাৰ্লোছ এলকাৰাজ। সোমদেৱৰ মতে সকলোৰে দৃষ্টি এইবাৰ কাৰ্লোছৰ এলকাৰাজৰ ওপৰত নিৱদ্ধ থাকিব।
ফ্ৰেঞ্চ অপেনৰ সম্ৰাত ৰাফেল নাডালে আঘাতৰ সমস্যাক পৰাভূত কৰি ক’ৰ্টলৈ ঘূৰি অহাটো প্ৰত্যাহ্বানজনক হ’ব। এইয়া ইমান সহজ কথা নহয়। এই মন্তব্য সোমদেৱৰ। সোমদেৱৰ মতে বিশ্ব টেনিচ জগতখনে বহু বিৰতিৰ মূৰত কাৰ্লোছৰ দৰে খেলুৱৈ লাভ কৰিছে। তেওঁ গ্ৰেণ্ড শ্লাম জয় কৰিবলৈ প্ৰস্তুত হৈ আছে। অৱশ্যে জয় কৰা আৰু জয়ৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি তথা সক্ষমতা থকা দুয়োটা পৃথক বিষয়।
৩ টা ছেটৰ পৰা ৫ টা ছেটলৈ যাব পাৰে মেচ। এই ক্ষেত্ৰত খেলুৱৈ ষ্টেমিনাৰ পৰা আৰম্ভ কৰি প্ৰচুৰ শাৰীৰিক প্ৰস্তুতিৰ প্ৰয়োজন হয়। সোমদেৱৰ মতে কাৰ্লোছ ইয়াৰ বাবে সাজু হৈ আছে।কাৰ্লোছ এলকাৰাজ এই মুহূৰ্তত এগৰাকী শক্তিশালী আৰু আটাইতকৈ ৰোমাঞ্চকৰ খেলুৱৈ। তেওঁ যোৱা কেইবাখনো টুৰ্ণামেণ্টত খুব ভাল প্ৰদৰ্শন কৰিছে।
বিশ্ব টেনিছ জগতত ১৯ বছৰীয়া কাৰ্লোছক দ্বিতীয় নাডাল বুলি কোৱা হৈছে। সকলোৱে তেওঁক নাডালৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিছে।এই মুহূৰ্তত নাডালে আঘাতৰ সমস্যাৰে যুঁজি আছে। সেয়েহে ফ্ৰেঞ্চ অপেনত দুয়োকে একেলগে হয়তো দেখাটো সম্ভৱ নহ’ব। কিন্তু দুয়োকে তুলনা কৰা বিষয়টো আজিৰ তাৰিখত উচিত হোৱা নাই বুলিও মন্তব্য সোমদেৱৰ।
ইফালে স্বাভাৱিক ছন্দ হেৰুৱাই একপ্ৰকাৰে হাবাথুৰি খাইছে নোভাক জকভিছে। তেওঁ যদিও ফ্ৰেঞ্চ অপেনৰ বাবে সাজু হৈছে তথাপিও এই মুহূৰ্তত তেওঁক এইবাৰ ফ্ৰেঞ্চ অপেনৰ প্ৰৱল দাবীদাৰ বুলিব নোৱাৰি। বছৰটোৰ আৰম্ভণি তেওঁৰ বৰ সন্তোষজনক নহয়। অৱশ্যে যিকোনো মুহূৰ্ততে শক্তিশালী হৈ উঠিব পাৰে জকভিছ।
এইবাৰ ফ্ৰেঞ্চ অপেনত ইগা স্বাতেক হৈ পৰিব পাৰে সকলোৰে বাবে মূৰৰ কামোৰণি। বছৰটোত এতিয়ালৈকে তেওঁ মুঠ পাঁচখন টুৰ্ণামেণ্ট জয় কৰিছে। পোলেণ্ডৰ এই খেলুৱৈজনে মাত্ৰ তিনিখন মেচতহে পৰাজিত হৈছে।
ইফালে এইবাৰ ফ্ৰেঞ্চ অপেনৰ ছিংগলছত নাথাকিব ভাৰতীয় খেলুৱৈ। শীৰ্ষ ১০০ত নাই এজনো ভাৰতীয় খেলুৱৈ। ভাৰতৰ টেনিছ ক্ষেত্ৰখনৰ বাবে এই বিষয়টো বৰ সন্তোষজনক নহয় বুলি আখ্যা দিলে সোমদেৱ দেৱবৰ্মনে। অৱশ্যে ডাবলছত ভাৰতে অংশগ্ৰহণ কৰিব। ডাবলছত কিছু আশাও আছে ভাৰতৰ।