Tuesday, October 4, 2022
HomeNewsনামতিত ২০ সংখ্যক শিৱসাগৰ জিলা আন্তঃক্লাব ভাৰোত্তোলন

নামতিত ২০ সংখ্যক শিৱসাগৰ জিলা আন্তঃক্লাব ভাৰোত্তোলন

নামতিত ২০ সংখ্যক শিৱসাগৰ জিলা আন্তঃক্লাব ভাৰোত্তোলন

অলিম্পিয়া প্ৰতিবেদন: নামতিত ২০ সংখ্যক শিৱসাগৰ জিলা আন্তঃক্লাব ভাৰোত্তোলন । উত্তৰণ ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু শ‌্বহীদ পিয়লি ফুকন মহাবিদ্যালয় ব্যায়ামাগাৰৰ উদ্যোগ ।
শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থা আৰু শিৱসাগৰ জিলা বডিবিল্ডাৰ্চ এন্ড ফিটনেছ এছ’চিয়েচনৰ সহযোগ ।

যোৱা ১১ ছেপ্টেম্বৰ দেওবাৰে , নামতি ক্লাবত এদিনীয়া কাৰ্যসূচীৰে ২০ সংখ্যক শিৱসাগৰ জিলা আন্তঃক্লাব ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । পুৱা ৭.৩০ বজাত ভাৰোত্তোলন সন্থাৰ উপ-সভাপতি যতীন শইকীয়াই পতাকা উত্তোলন কৰে । শ্বহীদ তৰ্পণ কৰে জিলাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই । প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে ।

সমগ্ৰ অসম ভিতৰত মাত্ৰ শিৱসাগৰ জিলাত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে শিশুৰ পৰা ছিনিয়ৰলৈকে ভাৰোত্তোলন প্ৰতিযোগিতা আৰু তৃতীয় বাৰৰ বাবে দিখৌশ্ৰী দেহশ্ৰী আৰু দিখৌ ফিটনেছ প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াত সৰ্বমুঠ ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ সঞ্চালক হিচাপে নীলোৎপল দত্ত আৰু প্ৰতিযোগিতা সম্পাদনৰ বাবে যোগেন্দ্ৰ ফুকনক শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাই নিয়োগ কৰে ।

জিলা ভাৰোত্তোলনৰ ৰাষ্ট্ৰীয় দ্বিতীয় বিভাগৰ বিচাৰক ধ্ৰুৱজ্যোতি বৰা, দুলজিৎ বৰুৱা, অসীম দত্তকে প্ৰমূখ্য কৰি জিলাৰ যতীন শইকীয়া, নিপু দত্ত, যোগেন্দ্ৰ ফুকন, দিগন্ত খনিকৰ, কৃষ্ণ দাস, মিনতি দিহিঙ্গীয়া, অৰূপ গগৈ, পলাশ বৰুৱা, পবীৰ নেওগ, নীলোৎপল দত্ত, ভাস্কৰ বৰপাত্ৰগোঁহাই আদি বিচাৰকে ভাৰোত্তোলন আৰু দিখৌশ্ৰী, দিখৌ ফিটনেছ প্ৰতিযোগিতা অসম বডিবিল্ডাৰ্ছ এন্ড ফিটনেছ এছ’চিয়েচনৰ সভাপতি যোৰহাট জিলাৰ প্ৰশান্ত বৰা, লাল বাহাদুৰ পাছোৱান, সুশীল বৰদলৈ, শিৱসাগৰৰ পুলিন বৰা, অতুল চেতিয়াকে প্ৰমূখ্যকৰি বিচাৰকসকলে শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰে ।

ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰোত্তোলনত শ্ৰেষ্ঠ পুৰুষ ভাৰোত্তোলকৰ সন্মান লাভ কৰে শিৱসাগৰ জিলাৰ ফুলপানীছিগাৰ অমৰজ্যোতি ক্লাবৰ সত্যজিৎ লাহনে । শ্ৰেষ্ঠ মহিলা ভাৰোত্তোলকৰ সন্মান লাভ কৰে উত্তৰণ ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ আইছেংফা গগৈয়ে আৰু শ্ৰেষ্ঠ দ’লৰ সন্মান লাভ কৰে উত্তৰণ ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰ, নামতিয়ে ।

দিখৌশ্ৰী প্ৰথম লিনেস্ক ফিটনেছ জিমৰ নূৰ আলম আলী, দ্বিতীয় বি ই ষ্ট্ৰং মঠীয়াছিগা জিমৰ ৰক্তিম ৰাজ নেওগ, তৃতীয় লিনেস্ক ফিটনেছ জিমৰ আলোকজ্যোতি মহন্ত, চতুৰ্থ আমগুৰি হেল্থ জিমৰ জীৱন বৰুৱা, পঞ্চম টী জিম জয়সাগৰৰ ডিপু কোঁৱৰে খিতাপ দখলত লগতে দিখৌ ফিটনেছ প্ৰতিযোগিতাত প্ৰথম আৰ বি ফিটনেছ জিমৰ মঙ্গল সিং টায়ে, দ্বিতীয় আমগুৰি হেল্থ ক্লাবৰ ধ্ৰুৱজ্যোতি ডেকা, তৃতীয় টী জিম জয়সাগৰৰ ডিপু কোঁৱৰে খিতাপ দখল কৰে।

শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক শৰৎ হাজৰিকা, সুৰজিত বৰুৱা, ৰাষ্ট্ৰীয় প্ৰশিক্ষক তথা বিচাৰক চৰাইদেউ জিলাৰ অনুপ কোঁৱৰ, নামতি অঞ্চলৰ প্ৰথম ভাৰোত্তোলন ক্লাবৰ গুৰি ধৰা ব্যক্তি গোপাল দত্ত, লক্ষেশ্বৰ বৰুৱা, মলয় গগৈ, নৃপেন নেওগ , ফুলপানীছিগাৰ সমাজকৰ্মী অসীম দত্ত, সাংবাদদাতা জিয়াৰুদ্দিন আহমেদ, সমীৰন দুৱৰা, নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চন্দ্ৰ দিহিঙ্গীয়া, প্ৰতিযোগিতাৰ বিভিন্ন বঁটাৰ দাতা জয়ন্ত চুতীয়া, লক্ষেশ্বৰ বৰুৱা, প্ৰয়াত শিক্ষাবিদ পদ্মধৰ গগৈ সোৱৰণী বঁটা দাতা মলয় গগৈ, প্ৰয়াত তুলসী গগৈ আৰু খুদৌ গগৈ সোঁৱৰণী বঁটা দাতা প্ৰফুল্ল গগৈ আৰু মিনু গগৈ, বিৰাজ বড়া, ৰূপালী দত্ত, বিপুল গগৈ, বিমল নাথ, সুৰজ গগৈ, প্ৰয়াত নিৰ্মল শইকীয়া সোঁৱৰণী বঁটা দাতা সুৰজিৎ শইকীয়া, সমাজকৰ্মী মনোৰঞ্জন ৰাজখোৱা, আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ খেলুৱৈ অনন্ত ৰাজখোৱা, ক্ৰীড়া সংগঠক তথা যোগ মিত্ৰ জয়ন্ত বেজ, অদিতি দত্ত, প্ৰশিক্ষক গৌৰাংগ বড়া, ৰঞ্জন দত্ত, ৰিতু গগৈ, দীপক দুৱৰা ইত্যাদি ব্যক্তি সকলৰ উপৰি বহুতো শুভাকাংখী, শৰীৰ চৰ্চাৰ লগত জড়িত ব্যক্তি উপস্থিতিত বঁটা তথা পদক প্ৰদানেৰে প্ৰতিযোগিতাখনৰ সফল সামৰণি পৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments