Tuesday, October 4, 2022
HomeNewsনাহৰকটীয়া ক্রীড়া সন্থাৰ উদ্যোগত সাৰংগ বুঢ়াগোহাঁই সোঁৱৰণী আন্তঃক্লাব 'এ' ডিভিজন ফুটবল প্রতিযোগিতা

নাহৰকটীয়া ক্রীড়া সন্থাৰ উদ্যোগত সাৰংগ বুঢ়াগোহাঁই সোঁৱৰণী আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল প্রতিযোগিতা

নাহৰকটীয়া ক্রীড়া সন্থাৰ উদ্যোগত সাৰংগ বুঢ়াগোহাঁই সোঁৱৰণী আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল প্রতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন: ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া ক্রীড়া সন্থাৰ খেল পথাৰত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে সাৰংগ বুঢ়াগোহাঁই সোঁৱৰণী আন্তঃক্লাব ‘এ’ ডিভিজন ফুটবল প্রতিযোগিতা । মুঠ ৯ টা দলে উক্ত প্রতিযোগিতাত অংশগ্রহণ কৰিছে ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি তথা প্ৰয়াত সাৰংগ বুঢ়াগোহাঁইৰ পিতৃ বিশিষ্ট ক্রীড়া সংগঠক প্রদীপ বুঢ়াগোহাঁই, নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রাঞ্জল চেতিয়া, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য বিশ্বজিত সোণোৱাল, প্ৰাক্তন ৰাজ্যিক খেলুৱৈ ৰাতুল গগৈ, সন্থাৰ কাৰ্যকৰী সভাপতি অমূল্য গগৈ, সাধাৰণ সম্পাদক পলাশ কোঁৱৰ, যুটীয়া সম্পাদক পংকজ সোণোৱাল, যুটীয়া ফুটবল সম্পাদক অসীম হাজৰিকা আৰু দিপু নিৰ্মলিয়া, ভলীবল সম্পাদক ভাস্কৰ গগৈ । উদ্ধোধনী খেলখনত জয়পুৰ তৰুণ সংঘ দলে লেংৰিজান গছনাৰ ক্লাবক ৫-১ গ’লত পৰাজিত কৰে । খেলখন পৰিচালনা কৰে ক্ৰমে হৰেশ্বৰ সন্দিকৈ, ৰাজু কুমাৰ দেৱ, সুব্ৰত বৰ্মন আৰু শক্তি প্ৰধানে ৷ উদ্বোধনী অনুষ্ঠান আঁত ধৰে ফুটবল সম্পাদক দিপু নিৰ্মলিয়াই ।

নাহৰকটীয়া ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পলাশ কোঁৱৰে এই কথা জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments