Tuesday, October 4, 2022
HomeNewsনাৰাজ ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ হৰভজন সিং

নাৰাজ ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ হৰভজন সিং

অলিম্পিয়া প্ৰতিবেদন

নাৰাজ ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ হৰভজন সিং । টীম মেনেজমেন্টলৈ তিনিটা প্ৰশ্ন প্ৰাক্তন ক্ৰিকেটাৰজনৰ । হৰভজনৰ এই প্ৰশ্নই ধুমুহাৰ সৃষ্টি কৰিছে ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰত ।

এছিয়া কাপৰ পৰা প্ৰস্থানৰ দুৱাৰদলিত ভাৰত । ছুপাৰ ফ’ৰত পাকিস্তানৰ সৈতে পৰাজিত হোৱাৰ পাছত মঙলবাৰে দ্বিতীয় খন মেচতো পৰাস্ত হ’ল টীম ইণ্ডিয়া । ৰোহিত বাহিনীৰ এই ব্যৰ্থতা সহজে মানি ল’ব পৰা নাই ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে । বিভিন্ন জনে ভাৰতীয় দলটোক কৰিছে সমালোচনা । ইফালে ছুপাৰ ফ’ৰত ভাৰতৰ প্ৰদৰ্শনত মৰ্মাহত হ’ল প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং । তেওঁ ভাৰতৰ ক্ৰিকেট মেনেজমেন্টলৈ কৰিছে তিনিটা প্ৰশ্ন । শ্ৰীলংকাৰ হাতত ভাৰত ৬ উইকেটত পৰাস্ত হোৱাৰ পাছতেই হৰভজনে নিজৰ ছচিয়েল মিডিয়াত তুলিছে প্ৰশ্ন । তেওঁৰ ১ নম্বৰ প্ৰশ্ন —- উমৰান মালিক ক’ত ? প্ৰশ্ন নম্বৰ ২ —- কিয় দীপক চহৰ তাত নাই ? প্ৰশ্ন নম্বৰ ৩ — কিয় দিনেশ কাৰ্তিকে ধাৰাবাহিকভাবে সুবিধা নাপায় ?

হৰভজনৰ এই তিনিটা প্ৰশ্ন হয়তো সকলো ভাৰতীয় ক্ৰিকেট অনুৰাগীৰে প্ৰশ্ন । উল্লেখযোগ্য যে আই পি এলত সুন্দৰ প্ৰদৰ্শনৰ পাছতে ৰাষ্ট্ৰীয় দলত দ্ৰুত গতিত স্থান দিয়া হৈছিল স্পীডষ্টাৰ উমৰান মালিকক । কিন্তু এতিয়া উমৰানে নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰত ‘এ’- দলৰ হৈ খেলি আছে । উমৰানৰ উপস্থিতিয়ে হয়তো এছিয়া কাপত ভাৰতে বলিং ত্রাস সৃষ্টি কৰাৰ থল আছিল । ইফালে, হৰভজন সিঙে দীপক চাহাৰ আৰু দিনেশ কাৰ্তিকৰ অনুপস্থিতিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে । অৱশ্যে দীপক চাহাৰ এতিয়াও আনুষ্ঠানিকভাৱে দলৰ অংশ নহয় । ইয়াৰ বিপৰীতে দলত থকা দিনেশ কাৰ্তিক ছুপাৰ ফ’ৰৰ পৰ্যায়ত বেঞ্চতে থাকিল ।
ভাৰতীয় ক্ৰিকেট মেনেজমেন্টৰ এনে কথাবোৰ দেখি শুনি হতাশ হৈ পৰিছে হৰভজন । সেয়েহে, হয়তো তেওঁ লিখিলে এনেদৰে -” মোক কওক এই ল’ৰাবোৰ সুযোগৰ জানো যোগ্য নাছিল ! ”

ইফালে, বৃহস্পতিবাৰে ভাৰতে অন্তিম ছুপাৰ ফ’ৰত আফগানিস্তানৰ সৈতে মুখামুখি হ’ব । যদি বুধবাৰে আফগানিস্তান পাকিস্তানৰ হাতত পৰাজিত হয়, ভাৰত এছিয়া কাপৰ পৰা বাহিৰ হোৱাটো নিশ্চিত । মুঠতে, বাকী দলৰ জয় আৰু পৰাজয়ৰ ওপৰত নিৰ্ভৰ কৰিছে এছিয়া কাপত ভাৰতৰ ভৱিষ্যত !!

হৰভজন সিঙৰ তিনিটা প্ৰশ্নই ভাৰতীয় ক্ৰিকেটৰ ভিতৰচ’ৰা যেন উদঙাই দিলে । প্ৰাক্তন ক্ৰিকেটাৰজনৰ এই প্ৰশ্নৰ উত্তৰ ভাৰতীয় ক্ৰিকেট দলৰ মেনেজমেন্টে কিদৰে দিব সেয়া হ’ব লক্ষণীয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments