সমাগত ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলা। ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। ইয়াৰ পিছত ক্ৰমান্বয়ে ভাৰতে ইংলেণ্ডৰ লগত চাৰিখন টেষ্টত অংশগ্ৰহণ কৰিব লাগিব। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ভূমিত ভাৰতে টেষ্ট শৃংখলা জয় কৰিলে যদিও আঘাটৰ বাবে দলৰ নিয়মীয়া ক্ৰিকেটাৰসকল দলৰ পৰা বাদ পৰিল। আঘাটৰ সমস্যাই ভাৰতীয় দলক যথেষ্ট ক্ষতি কৰিলে। যদিও আঘাট খেলৰ এক অংশ তথাপিও আঘাটৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আগন্তক টেষ্ট শৃংখলাত ভাৰতে গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ ভাৰতীয় দললৈ ঘূৰি অহা এজন বিশেষ ক্ৰিকেটাৰে এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে দাবী কৰিছে। এইগৰাকী ক্ৰিকেটাৰে আঘাটৰ সমস্যাৰ বাবেই বেছি সময় খেল পথাৰৰ পৰা বাহিৰত থাকিবলগীয়া হয়। এই বিশেষ ক্ৰিকেটাৰগাৰাকী আন কোনো নহয় ভাৰতীয় ক্ৰিকেট দলৰ ৰকষ্টাৰ হাৰ্দিক পাণ্ডিয়া। অৱশ্যে পাণ্ডিয়াই ৰকষ্টাৰ উপাধি তেওঁৰ পৰিৱৰ্তে ৰবীন্দ্ৰ জাডেজাকহে দিয়া উচিত বুলি মন্তব্য কৰিছে, তথাপিও পাণ্ডিয়াৰ খেলৰ ধৰণে কিন্তু সেই উপাধি দাবী কৰে।
পাণ্ডিয়াই টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰা দুবছৰ পাৰ হ’ল। অৱশ্যে তেওঁ এই দুবছৰত খেল পথাৰৰ পৰা বহু সময় আঘাটৰ বাবে আতৰি থাকিবলগীয়া হ’ল। ২০১৮ চনতেই পাণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টত অংশগ্ৰহণ কৰিছিল। ২০১৯ চনত তেওঁ ১২ খন এদিনীয়াত খেলিছিল যদিও ইয়াৰ পিছত খেল পথাৰৰ পৰা আতৰি থাকিবলগীয়া হয়। আঘাটৰ বাবেই পাণ্ডিয়াৰ এই অৱস্থা। অষ্ট্ৰেলিয়াৰ বিপক্ষে পাণ্ডিয়াই পুনৰ ভাৰতীয় দলত স্থান লাভ কৰি গুৰুত্বপূৰ্ণ ইনিংছ খেলিবলৈ সক্ষম হৈছিল যদিও গোটেই শৃংখলাটোত মাত্ৰ চাৰি অভাৰহে বল কৰিছিল।
এগৰাকী অলৰাউণ্ডাৰ হিচাপে ভাৰতীয় দলত পাণ্ডিয়াৰ গুৰুত্ব অপৰিসীম।দলৰ বাবে ৰান সংগ্ৰহ কৰাৰ উপৰিও তেওঁৰ পৰা আশা কৰা হয় উইকেট। সেয়ে পাণ্ডিয়া সুস্থ হৈ থকাটো অতি জৰুৰী।তেওঁৰ বিকল্প এতিয়ালৈকে ভাৰতীয় টীম মেনেজমেণ্টে লাভ কৰা নাই।
আগন্তক সময়ত ভাৰতে কেইবাখনো গুৰুত্বপূৰ্ণ মেচত অংশগ্ৰহণ কৰিব লাগিব। আনহাতে সন্মুখত আছে কেইবাখনো গুৰুত্বপূৰ্ণ আই চি চি প্ৰতিযোগিতা। চলিত বৰ্ষত ভাৰতৰ সন্মুখত আছে বিশ্ব টেষ্ট চেম্পিয়নিশ্বপ আৰু টি-২০ বিশ্বকাপ।ভাৰত বৰ্ষতে অনুষ্ঠিত হব টি-২০ বিশ্বকাপ।গতিকে ভাৰতে এই বিশ্বকাপ জয়ৰ সুযোগ হেৰুৱাব নিবিচাৰে। আনহাতে অধিনায়ক হিচাপে বিৰাট কোহলিয়ে বৰ্তমানলৈকে আই চি চি খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এই বিশ্বকাপত বিৰাটৰ অধিনায়কত্বৰ দক্ষতাৰ প্ৰশ্নও জড়িত হৈ থাকিব। এনে এক অৱস্থাত যদি পাণ্ডিয়া পুনৰ আঘাটৰ সমস্যাত পৰে তেনে নিশ্চিতভাৱে ভাৰতীয় দল বিপদৰ সন্মুখীন হ’ব।