Thursday, July 7, 2022
HomeNewsনিজৰেই ৰেকৰ্ড ভংগ কৰিলে নীৰজ চোপ্ৰাই । পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ,...

নিজৰেই ৰেকৰ্ড ভংগ কৰিলে নীৰজ চোপ্ৰাই । পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ, বিশ্ব চেম্পিয়ন আৰু কমনৱেলথ গেমছ ।

অলিম্পিয়াৰ প্ৰতিবেদন

নিজৰেই ৰেকৰ্ড ভংগ কৰিলে টকিঅ’ অলিম্পিকৰ স্বৰ্ণ জয়ী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই । টকিঅ’ অলিম্পিকৰ পিছত প্ৰথমবাৰৰ বাবে খেল পথাৰত নমা নীৰজে নিজৰেই ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হ’ল যদিও স্বৰ্ণ জয়ৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল ।
ফিনলেণ্ডত অনুষ্ঠিত পাভ নুৰমি গেমছত নীৰজে ৮৯.৩০ মিটাৰ থ্ৰ’ কৰি ৰূপৰ পদক লাভ কৰিলে । ইয়াৰ লগে লগে নীৰজে নিজৰেই ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰিলে ।
প্ৰতিযোগিতাখনত ফিনলেণ্ডৰ অলিভাৰ হেলেণ্ডাৰে ৮৯.৮৩ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ জয় কৰে আৰু গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৪.৬৫ মিটাৰ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । উল্লেখ্য যে, নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল ।
অলিম্পিকৰ পিছত পুনৰবাৰ খেলপথাৰত নমা নীৰজে অলিম্পিকত অৰ্জন কৰা দূৰত্ব অতিক্ৰম কৰে ।

নীৰজৰ পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ :

নীৰজে চলিত বছৰতে এক সাক্ষাৎকাৰত কৈছিল যে- তেওঁৰ পৰৱৰ্তী লক্ষ্য ৯০ মিটাৰ । নীৰজে বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে ৯০ মিটাৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা চলাব — যাতে বিশ্বৰ শীৰ্ষ থ্ৰ’ৱাৰসকলৰ ভিতৰত তেওঁৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে ।
উল্লেখ্য যে নীৰজে অহা ১৫ ৰ পৰা ২৪ জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ কথা আছে । ইয়াৰ আগতে, তেওঁ ৩০ জুনত ষ্টকহোমত শীৰ্ষ পৰ্যায়ৰ ডায়মণ্ড লীগ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব ।

বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ লক্ষ্য :

নীৰজ চোপ্ৰাই বৰ্তমান ফিনলেণ্ডৰ কুৰটেন অলিম্পিক প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন আৰু প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । ২২ জুনলৈকে নীৰজে ইয়াত তেওঁৰ অনুশীলন আৰু প্ৰশিক্ষণ অব্যাহত ৰাখিব । ইয়াৰ উপৰি নীৰজে আগন্তুক বিশ্ব চেম্পিয়ন আৰু কমনৱেলথ গেমছত পদক জয় কৰাৰ উদ্দেশ্যৰে ইয়াত ন ন কৌশল আৰু উন্নত প্ৰশিক্ষণ লাভ কৰিছে । তেওঁ দুয়োখন প্ৰতিযোগিতাতে স্বৰ্ণ জয়ৰ লক্ষ্য স্থিৰ কৰিছে ।
বিশ্ব চেম্পিয়নশ্বিপখন আমেৰিকা যুক্তৰাষ্ট্ৰত ১৫ ৰ পৰা ২৪ জুলাইলৈ আৰু কমনৱেলথ গেমছ প্ৰতিযোগিতা খন ২৮ জুলাইৰ পৰা ৮ আগষ্টৰ ভিতৰত বাৰ্মিংহামত অনুষ্ঠিত হ’ব । নীৰজে টকিঅ’ অলিম্পিক গেমছত স্বৰ্ণ জয় কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে- তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে দেশৰ হৈ কমনৱেলথ আৰু বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments