ৰেকৰ্ড সৃষ্টি হয় ভংগ হ’বৰ বাবে। প্ৰতিদিনেই ক্ৰীড়াংগনত সৃষ্টি হয় নতুন নতুন ৰেকৰ্ড আৰু প্ৰতিদিনেই আকৌ ভংগ হয় তেনে অলেখ, অযুত ৰেকৰ্ড। বিশ্বৰ ক্ৰীড়াবিদ সকলে নিজৰ কেৰিয়াৰত যিদৰে ন ন ৰেকৰ্ড সৃষ্টি কৰি উৎফুল্লিত হৈ পৰে ঠিক তেনেদৰে নিজেই সৃষ্টি কৰা আনে ভংগ কৰিলে কেতিয়াবা হতাশ হয়। আজি আপোনালোকলৈ লৈ আনিছোঁ তেনে এক ঘটনা। নিজৰ ৰেকৰ্ড ভংগ হোৱাত হতাশ হৈ কেনিয়াৰ অলিম্পিক পদক বিজয়ী এগৰাকী এথলিটে সামৰি থৈছিল নিজৰ কেৰিয়াৰ।
১৯৮৩ চনত কেনিয়াৰ এথলিট Peter Koech য়ে নিজৰ কেৰিয়াৰক গতি দিবলৈ সক্ষম হৈছিল। সেই বছৰ তেওঁ বহু ৩০০০ steeplechase, ৫০০০ মিটাৰ, ১০ হাজাৰ মিটাৰ আদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। সেই প্ৰতিযোগিতাসমূহত লাভ কৰাৰ সোৱাদতে তেওঁ ১৯৮৪ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ সেই অলিম্পিকত ৩০০০ steeplechase , ৫০০০ আৰু ১০,০০০ মিটাৰত ভাগ লয়। অৱশ্যে প্ৰতিযোগিতাৰ প্ৰথম অৱস্থাতে ভৰিৰ আঘাতৰ সন্মুখীন হোৱাত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।
ইয়াৰ পিছত তেওঁ ১৯৮৮ চনৰ চিউল অলিম্পিকত পুনৰ দেশক প্ৰতিনিধিত্ব কৰে আৰু চেম্পিয়ন হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। তেওঁ ৩০০০ মিটাৰ steeplechase ত ৮.৬ চেকেণ্ডত সম্পূৰ্ণ কৰি লাভ কৰিলে ৰূপৰ পদক দখল কৰে। স্বৰ্ণ পদক লাভ কৰে জুলিয়ছ কাৰিয়ুকিয়ে। তেওঁ ৮ মিনিট ৫ চেকেণ্ডত অতিক্ৰম কৰি অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰে। ইয়াৰ পিছৰ বছৰে পিটাৰে সেই অলিম্পিক ৰেকৰ্ড ভংগ কৰাৰ লগতে এক নতুন ৰেকৰ্ড সৃষ্টি কৰে। তেওঁ ১৯৮৯ চনৰ গ’ল্ডেন লীগত নিজ দেশৰ হেৰনী ৰৌনাৰ ১১ বছৰীয়া ৰেকৰ্ড ভংগ কৰি ৮:০৫:৪ চেকেণ্ড সময়লৈ ৰেছ সম্পূৰ্ণ কৰে। মনকৰিবলগীয়া যে সেইবাৰেই পোন প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক মাধ্যমেৰে সময় নিৰূপণ কৰা হৈছিল।
১৯৯২ চনত পিটাৰে সৃষ্টি কৰা সেই বিশ্ব ৰেকৰ্ড ভংগ কৰে তেওঁৰ দেশৰে আন এগৰাকী এথলিটে। সেইবছৰ অনুষ্ঠিত হোৱা এক প্ৰতিযোগিতাত Moses Kipatnui য়ে পিটাৰৰ ৰেকৰ্ড ভংগ কৰে। তেওঁ ৰেছ সম্পূৰ্ণ কৰিবলৈ সময় লয় ৮:০৫:৩৫ । এই ৰেছত আকৌ পিটাৰে নিজেও অংশগ্ৰহণ কৰিছিল। তিনিবছৰ পূৰ্বে পিটাৰে সৃষ্টি কৰা ৰেকৰ্ড তেওঁৰ উপস্থিতে আনে ভংগ কৰাত হতাশ হৈ পৰে। যাৰ বাবে তেওঁ ক্ৰীড়াংগন এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নিজৰ ৰেকৰ্ড ভংগ হোৱা সেই ৰেছকেই জীৱনৰ আতাইতকৈ বেদনাদায়ক ক্ষণ হিচাপে পৰৱৰ্তী সময়ত উল্লেখ পিটাৰে অৱশ্যে নিজৰ দেশৰ এথলিটেই সেই ৰেকৰ্ড ভংগ কৰাৰ বাবে আত্মসন্তুষ্টি লাভ কৰিছে বুলিও জনাই।