Monday, July 4, 2022
HomeNewsনিশা ৩.৩০ বজাত প্ৰশিক্ষকৰ ঘৰত উপস্থিত হৈ ক্ষমা বিচাৰিছিল ঋষভে

নিশা ৩.৩০ বজাত প্ৰশিক্ষকৰ ঘৰত উপস্থিত হৈ ক্ষমা বিচাৰিছিল ঋষভে

অলিম্পিয়া প্রতিবেদন

টেষ্ট, এদিনীয়া, টি-টুৱেণ্টি ক্ৰিকেটৰ এই তিনিটা ফৰ্মতেই তেওঁ পাৰ্গত৷ তেওঁ জাতীয় সম্পদ দলৰ৷ নিৰ্ভৰযোগ্য৷ ইতিমধ্যেই ক্ৰিকেটত দ্ৰুততম ১০০০ ৰাণ সম্পূৰ্ণ কৰা ভাৰতীয় উইকেট কীপাৰ বেটছমেনৰ ৰেকৰ্ড তেওঁৰ দখলত৷ কিন্তু তেওঁ জাতীয় দলৰ জাৰ্ছি নিয়মিয়াকৈ পিন্ধা বেছিদিন হোৱা নাই৷ ২০১৮ ৰ পৰাই উইকেটৰ পিছফালে থাকে নিজৰ দায়িত্ব সূচাৰূপে পালন কৰি আস্বস্ত কৰিছে দেশৰ ক্ৰিকেট প্ৰেমীক৷ বিগত ছমাহ ধৰি খেলপথাৰত তেওঁৰ ধাৰাবাহিক সফলতা প্ৰত্যক্ষ কৰিছে ক্ৰিকেট বিশ্বই৷ ইতিমধ্যেই তেওঁক বিশ্ব ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা হিচাপে অভিহিত কৰিছে৷ আজি আমি ইয়াত ভাৰতীয় ক্ৰিকেট দলৰ চাঞ্চল্য উইকেটকীপাৰ বেটছমেনৰ বিষয়ে ক্ৰিকেট বিশ্বই নজনা এটি বিষয়ৰ কথা আপোনালোকক জনাব বিচাৰিছো৷
ভাৰতীয় ক্ৰিকেট দলত এম এছ ধোনীৰ যোগ্য উত্তৰসূৰীকলৈ বিভিন্ন আলোচনা চলি আছিল দীৰ্ঘদিনৰে পৰাই৷ কোনে উইকেটৰ পিছফালৰ সেই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব৷ নাম আহিছিল বহুতৰেই৷ কিন্তু আশ্বস্ত কৰিব পৰা নাছিল কোনো এজনেই৷ অৱশেষত বাচনিত উঠিল ঋষভ৷ প্ৰথমাৱস্থাৰ পৰাই নিজকে দায়িত্বকলৈ খুৱেই সচেতনতা আৰু গভীৰ প্ৰত্যয়জনক প্ৰদৰ্শন কৰিছিল ঋষভে৷ এখন মেচতে ১১ টা চিকাৰ৷ অষ্ট্ৰেলিয়া ভ্ৰমণত মেচ জয়ী ইনিংছ৷ ইয়াৰ দেশৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা জয়৷ ক্ৰমাৎ পৰিপক্ক হৈ উঠা ঋষভলৈ সন্তোষ্ট নিৰ্বাচক আৰু ব’ৰ্ড কৰ্ত্তৃপক্ষ৷

ঋষভ এতিয়া কেৰিয়াৰৰ এক উচ্ছস্থানত উপবিষ্ট৷ এই মূহুৰ্তত জাতীয় ক্ৰিকেট দলৰ এই অমূল্য সম্পদ সফলতাত গুৰুত্বপূৰ্ণ অৱস্থান আছে দিল্লীৰ এগৰাকী প্ৰখ্যাত প্ৰশিক্ষক তাৰক সিনহাৰ৷ তেওঁৰ পৰাই পণ্টে শিকিছে উইকেট পিছফালে টিকি থকাৰ বিচক্ষণতা অথবা মেচজয়ী ইনিংছবোৰৰ বাবে প্ৰয়োজনীয় ধৈৰ্য আৰু টেকনিকবোৰৰ বিষয়ে৷ ক্ৰিকেটাৰ হিচাপে সফল হোৱাৰ বাবে ঋষভে কি ধৰণৰ কঠোৰ শ্ৰম আৰু অভ্যাসৰ মাজেৰে আগবাঢ়িছিল সেই বিষয়ে সিনহাতকৈ অধিক কোনেও নেজানে৷ ঋষভৰ সৈতে জড়িত এক স্মৃতি সজীৱ কৰি শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশ কৰি আবেগিক হৈ পৰে সিনহা৷ দিল্লী বিখ্যাত ছন্নেট ক্লাৱৰ হৈ বেছিভাগ সময় খেলিছিল ঋষভে৷ সেই ক্লাৱৰ মুখ্য প্ৰশিক্ষক আছিল সিন্‌হা এদিন নেটত অনুশীলন চলোৱাৰ সময়ত অন্যমনস্ক হৈ থকা ঋষভৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰিছিল সিন্‌হাই৷ ঋষভে নিজেও বুজিছিল প্ৰশিক্ষকক অসন্তুষ্ট কৰাৰ কথা৷ পিছৰ দিনা পূৱতি নিশা ৩.৩০ বজাত প্ৰশিক্ষক সিন্‌হাৰ ঘৰত উপস্থিত হৈ তাৰ বাবে ক্ষমা বিচাৰিছিল ঋষভে৷ নেটত ঋষভৰ অন্যমনস্কই মোক হতাশ কৰিছিল৷ সেই কথা তেৱো বুজি পাইছিল৷ গোটেই ৰাতি মই শুব পৰা নাছিলো৷ কিন্তু নিশা ৩.৩০ বজাত মোৰ ঘৰত ঋষভক দেখি মই অবাক হৈছিলো৷ ক্ষমা বিচাৰিছিল৷ এজন প্ৰশিক্ষকৰ বাবে তাতোতকৈ বেছি সন্তুষ্ঠিৰ কথা আৰু কি হ’ব পাৰে৷ ঋষভৰ নিবেদনে মোৰ হৃদয় স্পৰ্শ কৰিছিল৷ তেওঁৰ ওপৰত বেছি কঠোৰ হোৱা বুলি মই ঘৰৰ গালিও খাব লগা হৈছিল সিন্‌হাই কয়৷
২০১৭ ত টি-টুৱেণ্টিত জাতীয় দলত স্থান লয় ঋষভে৷ ইয়াৰ পিছৰ বছৰত এদিনীয়া আৰু টেষ্ট ক্ৰিকেটত৷ ২৩ বছৰীয়া এই গৰাকী ক্ৰিকেটাৰক এতিয়া ভাৰতীয় দলৰ ভৱিষ্যতৰ অধিনায়ক হিচাপেও অভিহিত কৰিছে বহুতেই৷ অৱশ্যে এই ক্ষেত্ৰত সহমত নহয় সিন্‌হা৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments