Thursday, July 7, 2022
HomeNewsনিৰাশাৰ মাজতো পৃথিৱী শ্ব’য়ে দেখিছে আশাৰ ৰেঙণি

নিৰাশাৰ মাজতো পৃথিৱী শ্ব’য়ে দেখিছে আশাৰ ৰেঙণি

 

অলিম্পিয়া প্ৰতিবেদন

দিল্লী কেপিটেলছৰ অপেনিং বেটছমেন পৃথৱী শ্ব’ৰ বাবে আই পি এল-২০২২ বৰ সুখকৰ নহ’ল । আশানুৰূপ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম নহ’ল পৃথিৱী । যদিও কেইখনমান মেচত পৃথিৱীয়ে ভাল খেলিছিল তাৰ মাজতো তেওঁৰ পৰা দলে যিমান আশা কৰিছিল সিমান তেওঁ দিবলৈ সক্ষম নহ’ল ।

কেইবাখনো মেচত তেওঁ দলৰ পৰা বাহিৰত থাকিব লগীয়াও হ’ল । প্লে’ অফত প্ৰৱেশৰ সপোন দেখা দিল্লীয়ে নিজৰ ভুলৰ বাবেই প্লে’ অফৰ দুৱাৰ মুখৰ পৰা উভতি আহিবলগীয়া হৈছে । ফলত চলিত ছিজনৰ লীগ মেচৰ প‌ইণ্ট তালিকাৰ পঞ্চম স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল দিল্লী ।

শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ সৈতে অনুষ্ঠিত হব’লগীয়া ৫ খন টি-২০ মেচৰ শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে । এই দলটোত পৃথৱীয়ে স্থান লাভ নকৰিলে । নিৰ্বাচকৰ তুলাচনীত নুঠিল পৃথিৱী ।

পূৰ্বেও দলৰ পৰা বাহিৰ হোৱা পৃথিৱীয়ে ঘৰুৱা ছিজনত বিধ্বংসী বেটিঙেৰে নিৰ্বাচকৰ মুখ বন্ধ কৰিছিল । যোৱা ৰঞ্জি ছিজনত পৃথিৱীৰ বেটৰ পৰা আহিছিল কেইবাটাও শতকীয়া ইনিংছ ।

আনহাতে টীম ইণ্ডিয়াত স্থান লাভ নকৰা পৃথিৱীয়ে আই পি এল ২০২১ত ধৰিছিল ৰুদ্ৰ ৰূপ । দিল্লীৰ হৈ খেলা পৃথিৱীয়ে আই পি এলত কলকাতাৰ বিৰুদ্ধে খেলা এখন মেচত ৬ টা বলত ৬ টা ৪ কোবাই অভিলেখ গঢ়িছিল ।

সেই গৰাকী পৃথিৱী শ্ব’ পুনৰ ভাৰতীয় দলৰ পৰা বঞ্চিত হ’ল । অৱশ্যে ইয়াৰ মাজতে পৃথিৱীলৈ আহিছে আন এক সুন্দৰ সুযোগ । মুম্বাই ৰঞ্জি দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে পৃথিৱী শ্ব’ক ।

মুম্বাইয়ে আই পি এলৰ শেষ ভাগত ৰঞ্জি ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিছে । পৃথিৱী শ্ব’য়ে নকআউটত মুম্বাই দলক নেতৃত্ব দিব । নকআউট পৰ্যায়ৰ খেলসমূহ ৬ জুনৰ পৰা বেংগালুৰুত আৰম্ভ কৰিবলৈ সকলো সাজু হৈছে । মুম্বাইয়ে উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলিব । সোমবাৰে মুম্বাইয়ে ২১ জনীয়া এটা দল বাছনি কৰিছে । দলটোত অভিজ্ঞ আজিংক্য ৰাহানে নথকা বিষয়টোৱে অনুৰাগীৰ মাজত আশ্চৰ্য সৃষ্টি কৰিছে । অৱশ্যে আজিংক্য ৰাহানে আঘাতৰ সমস্যাত ভূগি আছে ।

ইয়াৰ উপৰি মুম্বাইলৈ চৰফৰাজ খানক লৈ যোৱা হৈছে । কাৰণ তেওঁ এইবাৰ দিল্লীৰ হৈ ভাল খেলিছিল । দুজন যুৱ বেটছমেন অৰমান জাফৰ আৰু যশশ্ৰী জয়ছোৱালেও দলটোত সুযোগ পাইছে । আদিত্য তাৰেক অভিজ্ঞ উইকেটকিপাৰ হিচাপে লোৱা হৈছে ।
ধৱল কুলকাৰ্ণীক বলিং শাখাত স্থান দিয়া হৈছে । ইয়াৰ বাহিৰেও, চামছ মুলানি আৰু তুষাৰ দেশপাণ্ডেকো দলত ৰাখিছে ।

আনহাতে শ্ৰেয়াছ আয়াৰেও মুম্বাইৰ হৈ ঘৰুৱা ক্ৰিকেট খেলে যদিও এইবাৰ তেওঁক দলত স্থান দিয়া হোৱা নাই । কাৰণ তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ব্যস্ত থাকিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments