Tuesday, July 5, 2022
HomeNewsনুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত শিলচৰ চেম্পিয়ন

নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত শিলচৰ চেম্পিয়ন

নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত শিলচৰ চেম্পিয়ন

অলিম্পিয়া প্ৰতিবেদন: শিলচৰে নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টত চেম্পিয়নৰ খিতাপ দখল কৰিছে ৷ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত শিলচৰে দুদিনৰ ভিতৰতে বিশ্বনাথ চাৰিআলি দলক ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ সন্মানজনক এই টুৰ্ণামেণ্টখন ৰাজ্যিক পৰ্যায়ৰ সৰ্বোচ্চ ক্ৰিকেট প্ৰতিযোগিতা ৷

টেষ্ট ক্ৰিকেটৰ আৰ্হিত অসম ক্ৰিকেট সন্থাৰ তদাৰকত তিনি বা চাৰিদিন ধৰি অনুস্থিত হয় নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ মেচসমূহ ৷ ভাৰতৰ ভিতৰত এনেধৰণৰ প্ৰতিযোগিতা হ’ল ৰঞ্জি ট্ৰফী আন্তঃৰাজ্যিক ক্ৰিকেট টুৰ্ণামেণ্ট–-যাক বি চি চি আইৰ দ্বাৰা আয়োজিত দেশীয় ক্ৰিকেটৰ সৰ্বোচ্চ টুৰ্ণামেণ্ট বুলি গণ্য কৰা হয় ৷ এইবাৰৰ নুৰুদ্দিন ট্ৰফী ক্ৰিকেটৰ মেচসমূহ ৰাজ্যৰ ৬ টা মণ্ডলত প্ৰায় একেসময়তে প্ৰাথমিক ৰাউণ্ডৰ মেচ আৰম্ভ হয় যদিও ফাইনেল ৰাউণ্ডৰ মেচ অনুষ্ঠিত হয় গুৱাহাটীত ।

মঙলবাৰৰ পৰা আৰম্ভ হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ক্ৰিকেটৰ ফাইনেল মেচখনৰ প্ৰথম দিনা বিশ্বনাথ চাৰিআলিয়ে প্ৰথমে বেট ধৰি ৪৬.৩ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২২ ৰাণ ৷ দলৰ সিদ্বাৰ্থ শংকৰ বৰুৱাই ৪৪ আৰু হাচান শ্বেখে ২০ ৰাণ কৰে ৷ প্ৰতিপক্ষৰ ৰাহুল সিঙে ৪ টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত শিলচৰে প্ৰথম ইনিংছত ৬১.২ অভাৰত সকলো উইকেট হেৰুৱাই ২২৩ ৰাণ কৰি ১০১ ৰাণৰ অগ্ৰগতি লাভ কৰে ৷ দলৰ জয়দ্বীপ সিঙে ৬৫ আৰু ছঞ্জাউ ব্ৰহ্মই ৬২ ৰাণৰ বৰঙণি যোগায় ৷

প্ৰতিপক্ষৰ পৱন মাঝি আৰু ৰোহিত ৰণিয়াৰে দুটাকৈ উইকেট দখল কৰে ৷ দ্বিতীয় ইনিংছত বিশ্বনাথ চাৰিআলিয়ে ৭২.১ অভাৰত সকলো উইকেটত হেৰুৱাই ১৪০ ৰাণ কৰে ৷ দলৰ বিকাশ কুৰ্মীয়ে ৩৪, শ্ৰাৱণ কুমাৰ খাউণ্ডে ২৬ আৰু হাছান শ্বেখে ২০ ৰাণ কৰাৰ বাহিৰে বাকীসকল বেটাৰ ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ বলিঙত শিলচৰ দলৰ ৰাম দাসে ৫ টা আৰু ৰাহুল সিঙে ৩ টা উইকেট দখল কৰে ৷ ফলত জয়ৰ বাবে দ্বিতীয় ইনিংছত শিলচৰ দলক প্ৰয়োজন হয় ৪০ ৰাণ ৷ এইটো ইনিংছত শিলচৰে ৪.৫ অভাৰ বলত সন্মুখীন হৈ কোনো উইকেট নেহেৰুৱাকৈ ৪১ ৰাণ কৰি বিজয়ী হয় ৷ অভিষেক ঠাকুৰীয়ে ২৫ আৰু শুভম মণ্ডলে ১৬ ৰাণ কৰি আউট নহোৱাকৈ ৰয় ৷

শিলচৰ দলৰ ৰাহুল সিঙে দুটা ইনিংছত ৭ টা উইকেট দখল কৰি ফাইনেলৰ মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে ৷ বিশ্বনাথ দলৰ বিকাশ কুৰ্মীয়ে শ্ৰেষ্ঠ বেটাৰ আৰু শিলচৰৰ ৰাহুল সিঙে শ্ৰেষ্ঠ বলাৰৰ সন্মান অৰ্জন কৰে ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকি ট্ৰফীসমূহ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপ-সভাপতি পৰীক্ষিত দত্ত, কোষাধ্যক্ষ ত্ৰিদিব কোঁৱৰ, যুটীয়া সম্পাদক কামাখ্যা শইকীয়া আৰু এপেক্স কাউঞ্চিলৰ সদস্য শৈৱাল সেনগুপ্তই ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments