Thursday, July 7, 2022
HomeNewsনুৰুদ্দিন আহমেদ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত জয় গুৱাহাটীৰ

নুৰুদ্দিন আহমেদ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত জয় গুৱাহাটীৰ

নুৰুদ্দিন আহমেদ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত জয় গুৱাহাটীৰ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত নুৰুদ্দিন আহমেদ আন্ত:জিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেল ৰাউণ্ডত গুৱাহাটীয়ে মৰিগাঁৱৰ বিৰুদ্ধে এক ইনিংছ আৰু ২২ ৰাণত জয়লাভ কৰিছে । এই বিজয়ী সূত্ৰে গুৱাহাটীয়ে লাভ কৰে ৭ পইণ্ট । তিনিদিনীয়া মেচখনত মৰিগাঁৱে প্ৰথম ইনিংছত ৪১.৩ অভাৰত পবিত্ৰ পাটৰৰ ৭৩ ৰাণৰ সহায়ত কৰে ১৩২ ৰাণ । বলিঙত গুৱাহাটীৰ ৰোহিত সিঙে ৫ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত গুৱাহাটীয়ে ৫৭ অভাৰত ৬ উইকেটত ৩১০ ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে । দলৰ এৰিক ৰয়ে ১৫০ আৰু গকুল শৰ্মাই ৮০ ৰাণ কৰে । বিপক্ষৰ মণ্টু বড়োৱে লাভ কৰে তিনিটা উইকেট । দ্বিতীয় ইনিংছত মৰিগাঁৱে কাৰ্তিক তালুকদাৰৰ ৫২ ৰাণ সত্ত্বেও ৪৬.১ অভাৰত ১৫৬ ৰাণতে ইনিংছ সামৰে । বলিঙত গুৱাহাটীৰ ৰোহিত সিঙে লাভ কৰে ৭ টা উইকেট ।

আৰু অধিক পঢ়ক

ইফালে জজ ফিল্ডত এন এফ ৰেলৱে আৰু বঙাইগাঁৱৰ মেচখন বৰষুণৰ বাবে পৰিতক্ত ঘোষিত হোৱাত দুয়ো দলকে ১ পইণ্টকৈ দিয়া হয় । বৃহস্পতিবাৰে প্ৰথমদিনা ৰেলৱে দলে ৪৯ অভাৰত ৪ উইকেটত ৩৮৪ ৰাণ কৰে । দলৰ শিৱশংকৰ ৰয়ে ২১৬ আৰু বিজয় কুমাৰ গৌতমে ৭৫ ৰাণত আউট নোহোৱাকৈ ৰয় । সেমেকা অউট ফিল্ডৰ বাবে দ্বিতীয় আৰু তৃতীয় দিন খেল বন্ধ ৰাখিব লগা হয় । আমিনগাঁৱত নগাঁও আৰু তিনিচুকীয়াৰ মেচখনো বৰষুণৰ বাবে সম্পূৰ্ণ নহ’ল ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰথম দিনা নগাঁৱে ৫৫.২ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৬৮ ৰাণ । দলৰ দেৱজিৎ বৰুৱাই ৪১ ৰাণ কৰাৰ বিপৰীতে বলিঙত আৱিৰ চক্ৰৱৰ্তীয়ে ৬ টা উইকেট দখল কৰে । তিনিচুকীয়াই ২২ অভাৰত ৪ উইকেটত ৫৯ ৰাণ কৰাৰ পাছতে মেচখন স্থগিত হৈ পৰে । ফলত দুয়ো দলে ১ পইণ্টকৈ লাভ কৰে । বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বিশ্বনাথ চাৰিআলি আৰু বৰপেটাৰ মেচখনো বৰষুণৰ বাবে স্থগিত হৈ ৰয় । ফলত দুয়ো দলে ১ পইণ্টকৈ লাভ কৰে ।

বৃহস্পতিবাৰে প্ৰথম দিনা বিশ্বনাথ চাৰিআলিয়ে ৩৮.৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪১ ৰাণ । দলৰ দিৱস হাজৰিকাই ৫৮ ৰাণ কৰাৰ বিপৰীতে বলিঙত অম্লানজ্যোতি দাসে ৯ অভাৰত লাভ কৰে ৬ টা উইকেট । বৰপেটাই ১৫ অভাৰত ১ উইকেটত ৪৪ ৰাণ কৰাৰ পাছতে মেচখন স্থগিত ৰখা হয় । অহা ১৬ মে’ত তেজপুৰে গুৱাহাটী, ডিব্ৰুগড়ে এন এফ ৰেলৱে, শিলচৰে নগাওঁ আৰু কাৰ্বি আংলঙে বৰপেটাৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments