Thursday, July 7, 2022
HomeNewsনেচনেল মাষ্টাৰ গেমছলৈ অসমৰ ভলীবল দল ৰাওঁনা

নেচনেল মাষ্টাৰ গেমছলৈ অসমৰ ভলীবল দল ৰাওঁনা

নেচনেল মাষ্টাৰ গেমছলৈ অসমৰ ভলীবল দল ৰাওঁনা

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস: অহা ১৮ মে’ৰ পৰা ২২ মে’লৈ কেৰেলাৰ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছৰ ভলীবল বিভাগত অংশগ্ৰহণ কৰাৰ উদ্যেশ্যে অসমৰ ৫০ আৰু ৪০ ঊৰ্ধৰ দল দুয়োটা ৰাওনা হৈছে ।

আৰু অধিক পঢ়ক

পঞ্চাশ ঊৰ্ধৰ খেলুৱৈ সকল হ’ল–গনেশ কুমাৰ, অৰূপ কুমাৰ দাস, নিৰেণ শৰ্মা, উৎপল ভট্ট, প্ৰতাপ তালুকদাৰ, বীৰেণ কুমাৰ শৰ্মা, বলোৰাম ডেকা, পুলক মেধি আৰু প্ৰতুল ভট্টাচাৰ্য । আনহাতে ৪০ ঊৰ্ধৰ খেলুৱৈসকল হ’ল–তপন বৰ্মন, নয়ন তালুকদাৰ, দেৱজিৎ ঠাকুৰীয়া, হেমন্ত গগৈ, নাছিৰুদ্দিন আহমেদ, জিয়াউল হ’ক, মনজিৎ পাঠক, উৎপল দাস আৰু দীপাংকৰ ডেকা ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

দল দুয়োটাৰ মুখ্য প্ৰশিক্ষক দীপক কুমাৰ দাস আৰু মেনেজাৰ নৃপেন্দ্ৰ দাস । ১৪ মে’ৰ বিয়লি ৩ বজাত দল দুয়োটাক গুৱাহাটী ভলীবল ক’চিং চেণ্টাৰৰ খেলপথাৰত অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সভাপতি নৃপেন্দ্ৰ দাস, উপ সভাপতি হৰিশ গোস্বামী, সাধাৰণ সম্পাদক ভবেন্দ্ৰ কুমাৰ ডেকা, অসম ভলীবল সন্থাৰ উপ সভাপতি কৰুণা বৰ্মন, ভলীবলৰ জ্যেষ্ঠ প্ৰশিক্ষক দিব্যজ্যোতি ভাগৱতী আদিয়ে শুভেচ্ছা জ্ঞাপন কৰি জাৰ্চী আৰু ট্ৰেকচ্যুট বিতৰণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments