নেপালত উৰিল ভাৰতৰ বিজয় ধ্বজা
অলিম্পিয়া প্রতিবেদন: চলিত মাহৰ ২৮ ৰ পৰা ৩০ মে’লৈ নেপাল কাঠমাণ্ডুৰ চোখডোল কাৰাটে একাডেমী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ইণ্ডো- নেপাল আন্তঃৰাষ্ট্ৰীয় খেল ২০২২ । এই আন্তঃৰাষ্ট্ৰীয় সমৰকলা প্ৰতিযোগিতাৰ বিভিন্ন ইভেন্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব আগবঢ়ালে দেশৰ প্ৰায় ৭০ গৰাকী সমৰকলা খেলুৱৈয়ে । দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে অসমে ভাৰতৰ হৈ আঁজুৰি আনিলে ৮ টাকৈ স্বৰ্ণ পদক ।
ইয়াৰে ৭ টা সমৰকলাত আৰু এথলেটিকছত এটা পদক লাভেৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে অসম দলটোৱে । স্বৰ্ণ পদক দখল কৰা অসমৰ খেলুৱৈসকল হ’ল ক্ৰমে — টাইকোৱানডো কিউৰোগীত পৰশ জ্যোতি দাস , কুং ফুত বাবুল বসুমতাৰী , কুং ফু টাওলুত নিজামুদ্দিন আহমেদ , উশ্বু চান্দাত ধৰ্মেন্দ্ৰ বড়ো , মিছ জিনা হুছেইন , উশ্বু টাওলু ট্ৰেডিচনেল বেয়াৰ হেণ্ডত মিছ গ্লোৰী ভৰালী । লগতে এথলেটিকছত মিছ কাব্যশ্ৰী কলিতাই এটা লাভ কৰে এটা স্বর্ণ পদক ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
উল্লেখযোগ্য যে, এই উন্নত মান সম্পন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নেপাল , ভাৰত আৰু শ্ৰীলংকা — এই তিনিখন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে । সমৰকলাৰ উপৰি এথলেটিকছ , কাবাদী আদি ইভেন্টসমূহ অনুষ্ঠিত হয় । ভাৰতীয় দলটোৰ টীম মেনেজাৰৰ দায়িত্বত আছিল জ্যেষ্ঠ সমৰকলা প্ৰশিক্ষক গোমে থাপা । প্ৰশিক্ষক হিচাপে আছিল নিজামুদ্দিন আহমেদ আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাস ।
ডিঙিত স্বাভিমানী গামোচা আৰু হাতত ত্রিৰংগা লৈ খেলুৱৈৰ মুখত পদকপ্ৰাপ্তিৰ হাঁহি বিৰিঙিল । প্ৰতিযোগিতাৰ শেষৰ দিনা তিনিখন দেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে মুখৰিত হ’ল সামৰণি অনুষ্ঠান । অসমৰ খেলুৱৈসকলৰ এই পদকপ্ৰাপ্তিয়ে ভাৰতৰ লগতে অসমৰ সমৰকলা খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে । পদকপ্ৰাপ্ত খেলুৱৈসকল ২ জুনত গুৱাহাটী আহি ভৰি দিব ।
ক্ৰীড়া অনুৰাগীৰ আশা— সমৰকলাত অসম তথা ভাৰতৰ খেলুৱৈৰ বিজয় যাত্রা চিৰপ্ৰবাহমান হওক । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দপদপাই থাকক অসমৰ দুৰ্দান্ত সমৰকলা খেলুৱৈ ।