Sunday, October 2, 2022
HomeNewsনেহৰু ষ্টেডিয়ামত তৃতীয় লিয়ঙথাং ছটকান কাৰাটে চেম্পিয়নশ্বিপ

নেহৰু ষ্টেডিয়ামত তৃতীয় লিয়ঙথাং ছটকান কাৰাটে চেম্পিয়নশ্বিপ

নেহৰু ষ্টেডিয়ামত তৃতীয় লিয়ঙথাং ছটকান কাৰাটে চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন: ইনড’ৰ ষ্টেডিয়ামত এজাক শিশুৰ কলৰব । শিশু আৰু তেওঁলোকৰ অভিভাৱকেৰে ভৰি পৰিছে ষ্টেডিয়ামৰ গেলাৰী । ছটকান কাৰাটে চেম্পিয়নশ্বিপত ৭০০ ৰো অধিক প্ৰতিযোগী । আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাত অংশ ললে মেঘালয়ৰ ২৯ কাৰাটেকাই ।

আৰু অধিক পঢ়ক

দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হ’ল তৃতীয় লিয়ঙথাং ছটকান কাৰাটে চেম্পিয়নশ্বিপ । আমন্ত্ৰণমূলক এই প্ৰতিযোগিতা আয়োজন কৰিলে লিয়ঙথাং ছটকান কাৰাটে স্কুল অৱ আছামে । যোৱা ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হ’ল মেঘালয়ৰ ৩১ জনীয়া খেলুৱৈ আৰু কর্মকৰ্তাৰ দল। ইয়াৰ ভিতৰত ২৯ গৰাকী খেলুৱৈয়ে অংশ ললে বিভিন্ন ওজন শাখাৰ প্ৰতিযোগিতাত । এই প্ৰতিযোগিতা সম্পৰ্কত আয়োজক সমিতিৰ হৈ ৰাম বাহাদুৰ গুৰুঙে মন্তব্য কৰে,,

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

বিগত দুটা বছৰত কোভিড পৰিস্থিতিৰ বাবে ছটকান কাৰাটেৰ কোনো প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল । কাৰাটেকাসকলে তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে কোনো মঞ্চ পোৱা নাছিল । প্ৰতিযোগিতা তদাৰকত জড়িত আছে আয়োজক কমিটিৰ সম্পাদক জানকী দেৱী । কটন বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ স্নাতকোত্তৰ শাখাত অধ্যয়নৰত জানকী হ’ল কাৰাটেৰ ব্লেক বেল্ট থাৰ্ড ডান ।

লিয়ঙথাং_ছটকান_কাৰাটে_চেম্পিয়নশ্বিপ

গুৱাহাটীৰ লগতে ডিব্ৰুগড় , যোৰহাট , বঙাইগাঁও , ৰঙিয়া , মঙ্গলদৈ , ছিপাঝাৰ , সোণাপুৰৰ এই কণ কণ কাৰাটেকাই সুযোগ পালে যে অধিক উন্নত প্ৰদৰ্শন আগবাঢ়িব পাৰিব সেয়া নিশ্চিত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments