Wednesday, September 28, 2022
HomeNewsনেহৰু ষ্টেডিয়ামস্থিত "লক্ষ্যভেদ " শ্বুটিং ৰেঞ্জত কঠোৰ অনুশীলন

নেহৰু ষ্টেডিয়ামস্থিত “লক্ষ্যভেদ ” শ্বুটিং ৰেঞ্জত কঠোৰ অনুশীলন

নেহৰু ষ্টেডিয়ামস্থিত “লক্ষ্যভেদ ” শ্বুটিং ৰেঞ্জত কঠোৰ অনুশীলন

অলিম্পিয়া প্ৰতিবেদন: মহানগৰীৰ মাজ মজিয়াত শ্বুটিঙৰ অনুশীলনত ব্যস্ত এজাক যুৱক-যুৱতী নেহেৰু ষ্টেডিয়ামৰ ১২ নং গেটৰ কাষত আছে ‘লক্ষ্যভেদ’ শ্বুটিং ৰেঞ্জ । নিয়মীয়াকৈ পুৱা- গধূলি এয়াৰ ৰাইফল , এয়াৰ পিষ্টলৰ অনুশীলন গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামত আছে ‘লক্ষ্যভেদ’ নামৰ এক শ্বুটিং ৰেঞ্জ । ২০১৮ ৰ পৰাই নেহৰু ষ্টেডিয়ামৰ ১২ নং গেটৰ কাষৰ থকা এই ৰেঞ্জত অনুশীলন চলাই থকা হৈছে। কৰ’না মহামাৰীৰ বাবে দুটা বছৰ বন্ধ হৈ থকাৰ পাছত পুনৰ প্ৰাণ পাই উঠিছে লক্ষ্যভেদ । লক্ষ্যভেদৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক ঋতুৰাজ ভাগৱতী ৰাষ্ট্ৰীয় শ্বুটিঙৰ যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতা তদাৰকৰ বাবে বৰ্তমান আছে নতুন দিল্লীত ।

আৰু অধিক পঢ়ক

উল্লেখ্য যে অসমৰ হৃদয় হাজৰিকাই শ্বুটিঙত আন্ত:ৰাষ্ট্ৰীয় পদক অৰ্জন কৰাৰ পাছত অসমতো শ্বুটিঙৰ প্ৰতি এচাম যুৱক- যুৱতীৰ আকৰ্ষণ বৃদ্ধি পাইছে । লক্ষ্যভেদত যোৱা ৩ মাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে নিশা শৰ্মা নামৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই । দেওবাৰে তেওঁ অনুশীলন কৰি প্ৰশিক্ষকক জমা দিয়া ৰিপোৰ্ট কাৰ্ডত দেখা গ’ল —তেওঁ ১০০ ৰ ভিতৰত ৮৫ মাৰ্ক পাইছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

লক্ষ্যভেদ_শ্বুটিং_ৰেঞ্জত_অনুশীলন


দশম শ্ৰেণীত পঢ়ি থকা জয়াদিত্য দাসৰ ৰিপোৰ্ট কাৰ্ডত দেখা গ’ল ১০০ ৰ ভিতৰত ৮৮ মাৰ্ক । তেওঁ দুবছৰ ধৰি অনুশীলন কৰি আছে । দুয়োয়ে এয়াৰ পিষ্টলৰ অনুশীলন কৰে । ইফালে অৰুণাচল প্ৰদেশৰ এজন প্ৰাক্তন আৰক্ষীয়ে অনুশীলন কৰে এয়াৰ ৰাইফলৰ । তেওঁ ১০০ ৰ ভিতৰত ৯৫ মাৰ্ক লাভ কৰা দেখা গ’ল । লক্ষ্যভেদ শ্বুটিং ৰেঞ্জে গুৱাহাটীত এচাম খেলুৱৈক শ্বুটিঙৰ আদিপাঠ দিছে । ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁলোকে ৰাজ্যিক , উত্তৰ -পূব আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments