Monday, July 4, 2022
HomeNewsনৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ...

নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম মটেৰাক ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ নামেৰে নামাকৰণ কৰাৰ পিছত এইবাৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত চৰদাৰ বল্লভ ভাই পেটেল স্পৰ্টছ এনক্লেভ নিৰ্মাণৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামক এই চৰদাৰ বল্লভ ভাই পেটেল স্পৰ্টছ এনক্লেভে আগন্তুক সময়ত সামৰি ল’ব। য’ত ক্ৰিকেটৰ উপৰিও এথলেটিকছ, ফুটবল, হকী আদিকে ধৰি সকলো খেল অন্তৰ্ভুক্ত হ’ব। ইয়াৰ লগে লগে চৰদাৰ বল্লভ ভাই পেটেল স্পৰ্টছ এনক্লেভৰ পৰিসৰ ২৩৩ একৰলৈ বৃদ্ধি পাব।

অমিত শ্বাহে আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কয় যে আহমেদাবাদ সমগ্ৰ দেশৰ বাবেই স্প’ৰ্টছ হাব হৈ পৰিব। য’ত কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু অলিম্পিকৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা যাব। তেওঁ আকৌ কয় যে, নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদক হেৰিটেজ চিটি হিচাপে গঢ়ি তুলিছিল আৰু এতিয়া সেই একেই আহমেদাবাদ স্প’ৰ্টছ চিটিলৈও ৰূপান্তৰ হ’ব।

প্ৰস্তাৱিত চৰদাৰ বল্লভ ভাই এনক্লেভত ট্ৰেক এণ্ড ফিল্ড আৰু ফুটবলৰ বাবে ৫০ হাজাৰ দৰ্শকৰ বাবে হকীৰ যাদুকৰ ধ্যান চান্দৰ নামত ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ফুটবলৰ ষ্টেডিয়াম ফিফাই বিচৰা ধৰণে গঢ়ি তোলা হ’ব। ইয়াৰ উপৰিও ইয়াত ৩ হাজাৰ এপাৰ্টমেণ্ট থাকিব য’ত ১২,৫০০ খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও এই এনক্লেভক সাৱৰমটি বুলেট ট্ৰেইন ষ্টেচন, মেট্ৰ’ ষ্টেচন আৰু বি আৰ টিৰে সংযোগ কৰা হ’ব।

ইফালে আহমেদাবাদৰ নাৰায়ণপুৰা স্প’ৰ্টছ ষ্টেডিয়ামক ৪০০ কোটি টকা ব্যয়ৰে পুনৰ নিৰ্মাণ কৰি দ্বিতীয়খন স্প’ৰ্টছ কমপ্লেক্স হিচাপে গঢ়ি তোলা হ’ব। ইয়াত এথলেটিকছ বিল্ডিঙো নিৰ্মাণ কৰা হ’ব। য’ত ৩৩ বিধ খেল খেলিব পৰা যাব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ ষ্টেডিয়াম, চুইমিং পুলো নিৰ্মাণ কৰা হ’ব। এই সকলোবোৰ হৈ উঠাৰ পিছত আহমেদাবাদৰ ৫০ কিলোমিটাৰ পৰিসৰৰ ভিতৰত সকলোধৰণৰ খেলাৰ সুবিধা উপলব্ধ হৈ পৰিব। যাৰ বাবে ভাৰতে সকলোধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বিদত অংশগ্ৰহণ কৰিব পাৰিব।

এই প্ৰস্তাৱিত স্প’ৰ্টছ এনক্লেভৰ মুঠ এৰিয়া ৯.৩ লাখ বৰ্গ মিটাৰ হোৱাৰ লগতে ইয়াৰ নিৰ্মাণৰ বাবে ব্যয় হ’ব ৪৬০০ কোটি টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments