Friday, September 30, 2022
HomeNewsনৰ্থ ইষ্ট শ্বুটিঙত জিলিকিল শিৱসাগৰৰ সংস্কাৰ

নৰ্থ ইষ্ট শ্বুটিঙত জিলিকিল শিৱসাগৰৰ সংস্কাৰ

নৰ্থ ইষ্ট শ্বুটিঙত জিলিকিল শিৱসাগৰৰ সংস্কাৰ

অলিম্পিয়া প্ৰতিবেদন: নৰ্থ ইষ্ট শ্বুটিঙত জিলিকিল শিৱসাগৰৰ সংস্কাৰ । চাৰিটাকৈ স্বৰ্ণ জয়ৰে কঢ়িয়াই আনিছে গৌৰৱ । ১০ ৰ পৰা ১৩ ছেপ্টেম্বৰলৈ কাহিলীপাৰা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত নৱম উত্তৰ- পূৰ্ব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ মংগলবাৰে সফল সামৰণি ঘটিল । অসমৰ উপৰি উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । এই প্ৰতিযোগিতাত জিলিকিল শিৱসাগৰৰ সন্তান সংস্কাৰ নেওগ । উদীয়মান শ্বুটাৰ গৰাকীয়ে চাৰিটা পদক অৰ্জন কৰি কঢ়িয়াই আনিছে গৌৰৱ ।

অসম ৰাইফলছ আৰু শ্বুটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত সংস্কাৰে সোণৰ পদক চাৰিটা অৰ্জন কৰে ক্ৰমে ছাব য়ুথ, য়ুথ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত । তদুপৰি অসম দলক প্ৰতিনিধিত্ব কৰা প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈগৰাকীয়ে পিষ্টল শ্বুটিঙৰ জুনিয়ৰ শাখাৰ উপৰি ছিনিয়ৰ ১০ মিটাৰ শাখাতো সোণৰ পদক অৰ্জন কৰিছে ।

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ পৰা ওলাই অহা সম্ভাৱনাপূৰ্ণ শ্বুটাৰ গৰাকীয়ে বৰ্তমান মাইবেলাৰ জে. পি. কে. শ্বুটিং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক জোতিষ প্ৰতীম কোঁৱৰৰ তত্বাৱধানত শ্বুটিঙৰ শিক্ষা গ্ৰহণ কৰি আছে । নৱউদীপ্ত খেলুৱৈগৰাকী শিৱসাগৰ জিলাৰ দিখৌমুখ উ.মা. বিদ্যালয়ৰ শাৰিৰীক নিৰ্দেশক শৰৎমোহন নেওগ আৰু তৃষ্ণা নেওগৰ সন্তান ।

ক্ৰীড়া অনুৰাগীৰ আশা — সংস্কাৰৰ এই বিজয়যাত্রা চিৰপ্ৰবাহমান হওক । আন্তঃৰাষ্ট্ৰীয়মুখী হওক সংস্কাৰৰ শ্বুটিং যাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments