Tuesday, October 4, 2022
HomeNewsনৰ্থ ইষ্ট শ্বুটিঙত সংস্কাৰৰ ত্ৰিমুকুট

নৰ্থ ইষ্ট শ্বুটিঙত সংস্কাৰৰ ত্ৰিমুকুট

অলিম্পিয়া প্ৰতিবেদন

কাহিলীপাৰা শ্বুটিং ৰেঞ্জত সম্পন্ন (১০ – ১৩ ছেপ্টেম্বৰ ২০২২) নৱম উত্তৰ পূৱ মণ্ডল শ্বুটিং প্ৰতিযোগিতাত অসম সন্তান সংস্কাৰ নেওগে ত্ৰি- মুকুট অৰ্জন কৰে । অসম ৰাইফলছ আৰু শ্বুটিং সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত সংস্কাৰে সোণৰ পদক তিনিটা অৰ্জন কৰে ক্ৰমে ছাব য়ুথ, য়ুথ আৰু জুনিয়ৰ শাখাৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত । তদুপৰি অসম দলক প্ৰতিনিধিত্ব কৰা প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈগৰাকীয়ে পিষ্টল শ্বুটিঙৰ ছিনিয়ৰ ১০ মিটাৰ শাখাতো ৰূপৰ পদক অৰ্জন কৰিছে । শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ পৰা ওলাই অহা সম্ভাৱনাপূৰ্ণ শ্বুটাৰ গৰাকীয়ে বৰ্ত্তমান মাইবেলাৰ জে পি কে শ্বুটিং প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষক জোতিষ প্ৰতীম কোঁৱৰৰ তত্বাবধানত শ্বুটিঙৰ শিক্ষা গ্ৰহণ কৰি আছে । নৱউদীপ্ত খেলুৱৈগৰাকী শিৱসাগৰ জিলাৰ দিখৌমুখ উ মা বিদ্যালয়ৰ শাৰিৰীক নিৰ্দেশক শৰৎমোহন নেওগ আৰু তৃষ্ণা নেওগৰ সন্তান ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments