Friday, September 30, 2022
HomeNewsনৰ্থ চেনেল সাঁতুৰি অসম সন্তান এলভিছৰ অভিলেখ

নৰ্থ চেনেল সাঁতুৰি অসম সন্তান এলভিছৰ অভিলেখ

নৰ্থ চেনেল সাঁতুৰি অসম সন্তান এলভিছৰ অভিলেখ

অলিম্পিয়া প্ৰতিবেদন: অৱশেষত জলকোঁৱৰ এলভিছ আলী হাজৰিকাৰ সপোনে পালে পূৰ্ণতা । নৰ্থ চেনেল সাঁতুৰি অসম সন্তান এলভিছে গঢ়িলে অভিলেখ । এছিয়াৰ প্ৰথমটো ৰিলে দলৰ সদস্য ৰূপে নৰ্থ চেনেলত নাম খোদিত কৰিলে অসমীয়া সন্তৰণবিদ এলভিছে । নৰ্থ চেনেলত উৰিল অসমৰ স্বাভিমানী গামোচা আৰু ভাৰতীয় ত্রিৰংগা ।

বুধবাৰে সুদূৰ আয়াৰলেণ্ডৰ পৰা অসম সন্তানে কঢ়িয়াই আনিছে এক গৌৰৱৰ খবৰ । ইউৰোপৰ নৰ্থ চেনেলৰ নৰ্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ ৰিলে দলৰ সৈতে সাঁতুৰি এক দুঃসাহসিক অভিযান সাফল্যমণ্ডিত কৰিলে এলভিছ আলী হাজৰিকাই । ইংলেণ্ডৰ সময় অনুসৰি পুৱা ৬.৩০ বজাত সাগৰৰ পানীত নামি এলভিছে অভিযান সামৰিলে নিশা ৯ বজাত । পানীৰ তাপমাত্ৰা আছিল ১০ ৰ পৰা ১১ ডিগ্ৰী ছেলছিয়াছ । এলভিছে ৪২ কিলোমিটাৰ জলপথ অতিক্ৰম কৰিলে প্ৰায় ১৪ ঘন্টা ৩৮ মিনিটত ।

একেৰাহে সাগৰত কৰা এই সাঁতোৰ অভিযান আছিল অতিকৈ প্ৰত্যাহ্বানজনক । সাগৰীয় পথত ৰিলে দলটোৰ লগতে এলভিছ মুখামুখি হয় জেলিফিছৰ দৰে সাগৰীয় প্ৰাণীৰ । অসম সন্তান এলভিছৰ ৰিলে পাৰ্টনাৰ হিচাপে আছিল সন্তৰণবিদ ৰেম’ সাহা ।

নৰ্থ চেনেলত ৰিলে দলটোৱে গঢ়িলে অন্য এক ইতিহাস । নৰ্থ চেনেলত এই পৰ্যন্ত একক সাঁতোৰ কৰিছে পুণেৰ ৰোহাণ মূৰে নামৰ এগৰাকী সাঁতোৰবিদে । কিন্তু নৰ্থ চেনেলত ভাৰতৰ উপৰি এছিয়াৰ পৰা কোনেও ৰিলে কৰা নাই । নৰ্থ চেনেলত এই ৰিলে সফলতাৰে সমাপ্ত হোৱাৰ পাছত এলভিছ আৰু ৰিলে দলটো এছিয়াৰ ভিতৰত নৰ্থ চেনেল সাঁতোৰা প্ৰথমটো ৰিলে দল হিচাপে চিহ্নিত হ’ল ।

এই দুঃসাহসিক অভিযান সাফল্যমণ্ডিত হোৱাত সুদূৰ নৰ্থ চেনেলত এলভিছে উৰুৱালে অসমৰ স্বাভিমানী গামোচা আৰু ভাৰতীয় ত্রিৰংগা । কঠিন প্ৰত্যাহ্বানক নেওচি এক দীৰ্ঘদিনীয়া সপোনে সাকাৰ ৰূপ পোৱাত আনন্দিত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ তথা অসমৰ সু সন্তান এলভিছ আলী হাজৰিকা । অসম প্ৰতিগৰাকী ক্ৰীড়াপ্ৰেমীয়ে এলভিছক জনাইছে শুভেচ্ছা ।

সকলোৰে আশা—- এনে দুঃসাহসিক অভিযান কৰি যাবলৈ অসম সন্তান গৰাকী হৈ থাকক সদায়ে দূৰন্ত । এছিয়া বা বিশ্বৰ সাঁতোৰ মানচিত্ৰত এলভিছে ৰোপন কৰি যাওক অসমৰ যাউতিযুগীয়া নাম । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও জলকোঁৱৰ এলভিছ আলী হাজৰিকালৈ থাকিল অযুত শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments