Friday, September 30, 2022
HomeNewsনৱম উত্তৰ-পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ সামৰণি

নৱম উত্তৰ-পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ সামৰণি

নৱম উত্তৰ-পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ সামৰণি

অলিম্পিয়া প্ৰতিবেদন: নৱম উত্তৰ-পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ সামৰণি ৷ কাহিলীপাৰাত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত চাৰিদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতা ৷ মুঠ ৮ টা দলৰ অংশগ্ৰহণ ৷ ২৪ টা সোণসহ মুঠ ৫৫ টা পদকেৰে অসম শ্ৰেষ্ঠ দল ৷ দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে মিজোৰাম, মণিপুৰ ৷

গুৱাহাটী কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন শ্বুটিং ৰেঞ্জত মঙলবাৰে সামৰণি পৰিল নৱম উত্তৰ-পুব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপ ৷ যোৱা ১০ ছেপ্টেম্বৰৰ পৰা আয়োজিত এই প্ৰতিযোগিতাত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰে ৷ ছাব জুনিয়ৰ, য়ুথ, জুনিয়ৰ, ছিনিয়ৰ, ছাৰ্ভিছ, মাষ্টাৰ শ্বুটাৰ আদি শাখাত খেলুৱৈসকলে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । সমাবেশ ঘটিল ২৫৭ গৰাকী শ্বুটাৰৰ ।

প্ৰতিযোগিতাখনত আয়োজক অসমে ২৪ টা সোণ, ১৭ ৰূপ, ১৪ ব্ৰঞ্জসহ মুঠ ৫৫ টা পদক লাভ কৰি শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰে ৷ মিজোৰামে ১১ সোণ, ৪ টা ৰূপ, ৫ টা ব্ৰঞ্জসহ মুঠ ২০ টা পদকেৰে দ্বিতীয় স্থানত থাকে যদিও মণিপুৰে ৯ টা সোণ, ১২ ৰূপ, ৯ টা ব্ৰঞ্জসহ তৃতীয় স্থানত থাকিও মুঠ পদক লাভ কৰে ৩০ টা ৷ প্ৰতিযোগিতাখনত নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশৰ উপৰি সামৰিক বাহিনীৰ জোৱানেও প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ অসম ৰাইফল এণ্ড শ্বুটিং সন্থাই আয়োজন কৰা এই চাৰিদিনীয়া প্ৰতিযোগিতাখনত পুৰুষ- মহিলা উভয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে, নৰ্থ ইষ্ট মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত , ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম নুনিছা, অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সভাপতি দিগন্ত বৰা, সম্পাদক ভৱ কলিতাৰ লগতে সন্থাৰ বিষয়-ববীয়াসকল । মুখ্য অতিথিসকলে পদকজয়ী খেলুৱৈক বঁটা প্ৰদান কৰি উৎসাহিত কৰে ।

প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আয়োজক অসম ৰাইফল এণ্ড শ্বুটিং সন্থাৰ সভাপতি আই পি এছ বিষয়া দিগন্ত বৰা আৰু সম্পাদক তথা আই এছ এছ এফ জাজ ভৱ কলিতাই সকলো প্ৰতিযোগীকে ধন্যবাদ জনাইছে ।

ক্ৰীড়া অনুৰাগীৰ আশা —- উত্তৰ পূব মণ্ডল শ্বুটিং চেম্পিয়নশ্বিপে উত্তৰ পূৰ্বাঞ্চলৰ শ্বুটাৰসকলৰ বাবে আনি দিব আশাৰ বতৰা । অনাগত প্ৰতিযোগিতাসমূহতো তেওঁলোক হৈ পৰক অপ্ৰতিৰোধ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments