Monday, July 4, 2022
HomeNewsনৱেম্বৰৰ পৰিবৰ্তে ডিচেম্বৰত হে অনুষ্ঠিত হ'ব ISL !

নৱেম্বৰৰ পৰিবৰ্তে ডিচেম্বৰত হে অনুষ্ঠিত হ’ব ISL !

অলিম্পিয়াৰ প্ৰতিবেদন

নৱেম্বৰৰ পৰা গোৱাত আই এছ এল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কাৰ্যত প্ৰতিযোগিতাখন আৰু এমাহ পিছুৱাই ডিচেম্বৰত হে অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে এই সংক্ৰান্তত FSDL কৰ্তৃপক্ষই প্ৰতিযোগিতাখনৰ মূল স্প’নছৰ হিৰ’ৰ লগত কথা পাতিছে। যদি হিৰ’ কৰ্তৃপক্ষ মান্তি হয় তেনে প্ৰতিযোগিতাখনৰ ফৰ্মেটো কিছু সালসলনি হোৱাৰ সম্ভাৱনা আছে।

কৰ’না মহামাৰীৰ বাবেই এতিয়া প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ গৈ বাৰে বাৰে উজুটি খাইছে FSDL য়ে। আগতীয়াকৈ সঠিক পৰিকল্পনাৰে আগনবঢ়াৰ বাবে এতিয়া ফ্ৰেঞ্চাইজিবোৰৰ বিদেশী প্ৰশিক্ষক আৰু খেলুৱৈৰ ভিছা সংক্ৰান্তীয় সমস্যাই দেখা দিছে। সময়মতে ভাৰতত আহি উপস্থিত হ’ব পৰা নাই বিদেশী প্ৰশিক্ষক, খেলুৱৈসকল। বৰ্তমান কেৱল মাত্ৰ এটিকে মোহন বাগান ক্লাবৰ বিদেশী প্ৰশিক্ষক আৰু খেলুৱৈ হে ভাৰতলৈ আহি ক্লাবটোত যোগদান কৰিব পাৰিছে। কিন্তু অন্যান্য ফ্ৰেঞ্চাইজিবোৰৰ বিদেশী সদস্যসকল এতিয়াও আহি পোৱা নাই। যাৰবাবে সমস্যাত পৰিছে আন আন ফ্ৰেঞ্চাইজি।

ইফালে প্ৰতিযোগিতাখন জৈৱ সুৰক্ষাৰ মাজত অনুষ্ঠিত কৰা হ’ব। গতিকে বিদেশী প্ৰশিক্ষক আৰু খেলুৱৈয়ে কোৱাৰেণ্টাই নোহোৱাকৈ, ক’ভিডৰ পৰীক্ষা নকৰাকৈ এই জৈৱ সুৰক্ষাৰ পৰিৱেশৰ মাজত সোমাবলৈ নোৱাৰিব। গতিকে সকলো দিশৰ প্ৰতি লক্ষ্য কৰি প্ৰতিযোগিতাখন আৰু এটা মাহ পিছুৱাই দিয়াটোকেই উচিত বুলি ভাবিছে FSDL য়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments