Tuesday, October 4, 2022
HomeNewsপঞ্চম ৰাষ্ট্ৰীয় ফিনচুইমিং চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্য

পঞ্চম ৰাষ্ট্ৰীয় ফিনচুইমিং চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্য

পঞ্চম ৰাষ্ট্ৰীয় ফিনচুইমিং চেম্পিয়নশ্বিপত অসমৰ বৃহৎ সাফল্য

অলিম্পিয়া প্রতিবেদন: ৰাজস্থানৰ যোধপুৰত যোৱা ৯ , ১০ এপ্ৰিলত অনুষ্ঠিত হয় পঞ্চম ৰাষ্ট্ৰীয় ফিনচুইমিং চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতালৈ অসম ফিনচুইমিং সন্থাই ১২ জনীয়া দল প্ৰেৰণ কৰে । অসমৰ দলটোৱে ১২ টা সোণ , ১৫ টা ৰূপ , ১১ টা ব্ৰঞ্জেৰে মুঠ ৩৮ টা পদক অৰ্জন কৰে । অসমৰ ল’ৰাৰ খেলুৱৈসকলৰ ভিতৰত খ্যাতিমন্ত গগৈয়ে ৩ টা সোণ , ২ টা ৰূপ ; মেৰাজ হুছেইনে ২ টা সোণ , ২ টা ৰূপ , ১টা ব্ৰঞ্জ ; সমীৰণ নাথে ১ টা সোণ , ৩ টা ব্ৰঞ্জ ; সন্তোষ নাৰ্জাৰীয়ে ২ টা ৰূপ ; ফার্মিনো ইমন লালুঙে ২ টা ৰূপ ১ টা ব্ৰঞ্জ ; অহিৰণ পল বৰগোহাঁয়ে ১ টা ৰূপ , ১ টা ব্ৰঞ্জ ; কৌশিক ৰঞ্জন কলিতাই ১ টা ব্ৰঞ্জৰ পদক লাভ কৰে ।

আৰু অধিক পঢ়ক

ছোৱালী খেলুৱৈৰ ভিতৰত ডেইজি কলিতাই ৪ টা সোণ , ১ টা ৰূপ ; দৰ্শিতা চহৰীয়াই ২ টা সোণ, ২টা ৰূপ ; গৰিয়সী চুতীয়াই ২ টা ৰূপ ৩ টা ব্ৰঞ্জ আৰু নৰিন কাশ্যপে ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে । এই বাতৰি প্ৰেৰণ কৰিছে অসম ফিনচুইমিং সন্থাৰ সম্পাদক খগেন চন্দ্ৰ কলিতাই । ৰাষ্ট্ৰীয় ফিনচুইমিং প্ৰতিযোগিতাত অসমৰ খেলুৱৈসকলে ইয়াৰ আগতেও যথেষ্ঠ সুনাম অৰ্জন কৰিছে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

সুবিধা পালে অসমৰ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পদক অর্জন কৰিবলৈ সক্ষম হ’ব। মাত্ৰ অসমৰ এই ফিনচুইমাৰসকলক প্ৰয়োজন উপযুক্ত সা-সুবিধাৰ । বিশেষকৈ চৰকাৰৰ লগতে বেচৰকাৰী মহলে উদ্যোগ গ্ৰহণ কৰিলে ফিনচুইমিং নামৰ সাঁতোৰৰ এই নতুন ক্ষেত্ৰখনত অসমৰ খেলুৱৈসকলে যে চমকপ্ৰদ সাফল্য লাভ কৰিব তাত কোনো সন্দেহ নাই । অসমৰ ফিনচুইমাৰসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ বাবে ৰাজ্যিক সন্থাই বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগিব । খেলুৱৈসকলৰ মান উন্নত কৰাৰ বাবে সকলোকে একত্ৰিত কৰি উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াব পাৰিলে ৰাজ্যিক সংস্থাটোৱে অধিক সুফল লাভ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments