Tuesday, October 4, 2022
HomeNewsপথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তামিলনাডুৰ উদীয়মান পেডলাৰে

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তামিলনাডুৰ উদীয়মান পেডলাৰে

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তামিলনাডুৰ উদীয়মান পেডলাৰে

অলিম্পিয়া প্রতিবেদন: শ্বিলঙত ৰাষ্ট্ৰীয় টেবুল টেনিছ টুৰ্ণামেণ্ট খেলিবলৈ আহি পথ দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি ললে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান পেডলাৰে । ঘটনাটো দেওবাৰৰ । শ্বিলঙত সোমবাৰৰ পৰা আৰম্ভ হৈছে ছিনিয়ৰ ৰাষ্ট্রীয় তথা আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপ । এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে গুৱাহাটীৰ পৰা শিলং অভিমুখী এখন কাৰৰ সন্মুখৰ চিটত আছিল তামিলনাডুৰ লয়লা কলেজৰ বি কম প্ৰথম বৰ্ষৰ ছাত্র ১৮ বছৰীয়া ডি বিশ্ব নামৰ খেলুৱৈ গৰাকী । কিন্তু নিশা প্ৰায় ১ বাজি ৫০ মিনিটত খেলুৱৈসকল থকা কাৰখনত বাৰচকীয়া এখন ট্ৰাকে খুন্দা মৰাত চালকসহ ডি বিশ্ব নিহত হয় ।

আৰু অধিক পঢ়ক

ঘটনাটো ঘটে ৰিভয় জিলাৰ চাংবাংলাত । তেওঁৰ সৈতে থকা আন তিনিগৰাকী খেলুৱৈ কিছু পৰিমানে আহত হয় । এই ঘটনাত মেঘালয় টেবুল টেনিছ সন্থাই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃতদেহটো বিমানযোগে প্ৰেৰণ কৰাৰ চেষ্টা কৰে ।যোৱা বছৰ জানুৱাৰীত দেৰাডুনত অনুষ্ঠিত ১৯ বছৰ অনূৰ্দ্ধ ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপৰ ছিংগলছত বিশ্বই খিতাপ দখল কৰিছিল । ২০২১ৰ ডিচেম্বৰত দক্ষিণ মণ্ডল ৰেংকিং টুৰ্ণামেণ্টত তেওঁ ৰাৰ্ণাছ আপ হৈছিল । চলিত ছিজনত পুৰুষৰ দলীয় শাখাত তেওঁ খিতাপৰ অন্যতম দাবীদাৰ আছিল । ৰাষ্ট্রীয় পৰ্যায়ৰ এই প্ৰতিভাধৰ খেলুৱৈগৰাকীৰ অকাল বিয়োগত সমগ্ৰ দেশৰ লগতে অসমৰ ক্রীড়াক্ষেত্ৰত গভীৰ শোকৰ ছাঁ পৰে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments