ৰাজনীতিলৈ আহিব দাদা!পশ্চিমবঙ্গৰ ৰাজনীতিত মমতা বেণাৰ্জীৰ বিৰুদ্ধে শক্তিশালী ৰূপত অৱতীৰ্ণ হব সৌৰভ গাংগুলী! এনে এক সম্ভাৱনাই শেহতীয়াকৈ দেখা দিছে। গাংগুলীৰ শেহতীয়া এক মন্তব্যই পশ্চিমবঙ্গৰ ৰাজনীতিৰ বতাহ গৰম কৰি তুলিছে।
দৰাচলতে সৌৰভ গাংগুলী পশ্চিমবঙ্গৰ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ পাৰ্থী হব বুলি চৰ্চা চলাৰ সময়েত সাংবাদিকে তেওঁক এই বিষয়ত প্ৰশ্ন উত্থাপন কৰে আৰু গাংগুলীয়েও কৌশলগত ভাৱে উত্তৰ প্ৰদান কৰি তেওঁৰ বিজেপি গমনৰ বিষয়টোক অধিক ৰহস্যৰ মাজলৈ লৈ গৈছে।
বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে গাংগুলী সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ পৰা আতৰি আছে। তাৰ মাজতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে কয় যে, সময় আহিব দিয়ক, চাওঁ কি হয়। আনহাতে তেওঁ নিজৰ স্বাস্থ্য বৰ্তমান সুস্থ বুলিও উল্লেখ কৰে।
উল্লেখ্য যে আগন্তুক ২৭ মাৰ্চৰ পৰা পশ্চিমবঙ্গত ৮ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব। নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে সাংবাদিকৰ আগত দাদয়ে কয় যে, যেতিয়া মই ভাৰতীয় দলৰ অধিনায়ক হৈছিলো সেই সময়ত শচীন তেণ্ডলকাৰে দলৰ বাঘজৰী চম্ভালিছিল। কোনেও ভৱা নাছিল শচীনে অধিনায়কৰ পদ ত্যাগ কৰিব। ঠিক সেইদৰে যেতিয়া মই বি চি চি আইৰ অধ্যক্ষ হৈছিলো সেই সময়তো ঠিক কেইদিনমান আগলৈকে মই বি চি চি আইৰ অধ্যক্ষ হব বিচৰা নাছিলো। এই সকলোবেৰ সময় মোৰ জীৱনলৈ আহি থাকিল আৰু সকলো হৈ গৈ থাকিলো, সেয়েহে দেখা যাওক আগলৈ কি হয়।
মনকৰিবলগীয়া যে পশ্চিমবঙ্গত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ শক্তিশালী নেতৃ মমতা বেণাৰ্জীৰ বিৰুদ্ধে বিজেপিক প্ৰয়োজন এক শক্তিশালী আৰু জনপ্ৰিয় ব্যক্তি। বিজেপিয়ে যাৰ বাবে সৌৰভ গাংগুলীক মমতা বেণাৰ্জীৰ বিৰল্প ৰপে থিয় কৰিব বুলি চৰ্চা চলিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে মাত্ৰ ২৬ দিনৰ ভিৰতৰে দুবাৰকৈ অসুস্থ হৈ পৰা গাংগুলীক লৈ বিজেপিৰ পৰিকল্পনাত খেলিমেলি লাগে।