Friday, September 30, 2022
HomeNewsপশ্চিম কাৰ্বিআলং উমচাই ভেলীত সমৰকলা টাংচুডুৰ প্ৰশিক্ষণ

পশ্চিম কাৰ্বিআলং উমচাই ভেলীত সমৰকলা টাংচুডুৰ প্ৰশিক্ষণ

পশ্চিম কাৰ্বিআলং উমচাই ভেলীত সমৰকলা টাংচুডুৰ প্ৰশিক্ষণ

অলিম্পিয়া প্ৰতিবেদন: পশ্চিম কাৰ্বিআলং উমচাই ভেলীত সমৰকলা টাংচুডুৰ প্ৰশিক্ষণ । শতাধিক খেলুৱৈৰ অংশগ্ৰহণ । পশ্চিম কাৰ্বিআলং উমচাই ভেলীৰ, ছিকডামাখা মিনি ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত হয় টাং চুডুৰ প্ৰশিক্ষণ শিবিৰ । উমচাইৰ সমৰ কলাৰ প্ৰশিক্ষক প্ৰিয়ম তামাঙৰ তত্বাৱধানত আৰু পশ্চিম কাৰ্বি আংলং টাং চুডু ক্ৰীড়া সন্থাই আয়োজন কৰে এই শিবিৰ ।

ইয়াত উপস্থিত থাকিল সৰ্বভাৰতীয় কাৰিকৰী প্ৰশিক্ষক তথা উত্তৰ-পূৰ্বৰ মুখ্য প্ৰশিক্ষক, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী মাষ্টাৰ দেৱজিত গগৈৰ লগতে সৰ্ব ভাৰতীয় ৰেফাৰী সমিতিৰ সম্পাদক তথা অসমৰ প্ৰশিক্ষক মানস প্ৰতীম কোঁৱৰ । টাংচুডুৰ বিভিন্ন কৌশল, দিহা পৰামৰ্শ আৰু অনাগত প্ৰতিযোগিতাবোৰৰ কিছু আভাস দিয়ে মাষ্টাৰ দেৱজিৎ গগৈয়ে । সকলো খেলুৱৈয়ে এই শিবিৰত উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব ।

ইফালে পশ্চিম কাৰ্বি আংলং টাং চুডু ক্ৰীড়া সন্থাৰ সভাপতি লিনাচ মসুলৈ, উপ – সভাপতি জয়দেব কাৰ্কি, সাধাৰণ সম্পাদক প্ৰিয়ম তামাং, যুটীয়া সম্পাদক বিবিন চাহ , গাওঁবুঢ়া এড‌উইন মাৰাক আদি বিশিষ্ট ব্যক্তিসকলে উপস্থিত খেলুলৈসকলক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে আগবাঢ়ি যোৱাৰ বাবে উৎসাহ যোগায় ।

ক্ৰীড়া অনুৰাগীৰ আশা —- ক্ৰীড়াক্ষেত্রৰ আগুৱাই যাওক কাৰ্বিং আংলঙৰ খেলুৱৈ । টাংচুডু সমৰকলাৰ জৰিয়তে বিশ্ব দৰবাৰত উৰুৱাওক অসমৰ বিজয় ধ্বজা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments