Wednesday, September 28, 2022
HomeNewsপাকিস্তানক বাদ দি ১২০ খন দেশত লাইভ টেলিকাষ্ট হ'ব আইপিএল

পাকিস্তানক বাদ দি ১২০ খন দেশত লাইভ টেলিকাষ্ট হ’ব আইপিএল

অলিম্পিয়াৰ প্ৰতিবেদন

আইপিএলৰ জনপ্ৰিয়তাৰ পৰিসৰ কেৱল ভাৰত বা ইয়াৰ উপমহাদেশীয় অঞ্চলতেই সীমাবদ্ধ হৈ থকা নাই। আইপিএল এতিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে এক অন্যতম আকৰ্ষণীয় প্ৰতিযোগিতা হিচাপে পৰিগণিত হৈছে। সুদূৰ ডুবাইত ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ লাইভ টেলিকাষ্ট এইবাৰ সৰ্বমুঠ ১২০ খন দেশত কৰা হ’ব। ইয়াৰ প্ৰচাৰৰ দায়িত্ব লাভ কৰিছে ষ্টাৰ ইণ্ডিয়াই। ভাৰতত আইপিএলৰ লাইভ টেলিকাষ্টৰ সময়ছোৱাত ৬টা ভাষাত ধাৰাভাস্য শুনিবলৈ পোৱা যাব। তামিল, তেলেগু, কন্নড়, বাংলা, মালায়লম আৰু মাৰাঠী এই কেইটা আঞ্চলিক ভাষাতো ভাৰতত ধাৰাভাস্য শুনিবলৈ পোৱা যাব।

হটষ্টাৰৰ জড়িয়তেও আইপিএলৰ লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পৰা যাব। অৱশ্যে ইয়াৰ বাবে ব্যৱহাৰকাৰীসকলে প্ৰিমিয়াম মেম্বাৰশ্বিপ গ্ৰহণ কৰিব লাগিব। ভাৰতৰ বাহিৰ ইউকে, আয়াৰলেণ্ডত স্কাই স্প’ৰ্টছ, আমেৰিকা,কানাডাত বিল’ টিভি, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত ফক্স স্প’ৰ্টছত দৰ্শকসকলে লাইভ মেচ চাবলৈ পাৰিব। আনহাতে চুবুৰীয়া বাংলাদেশ আৰু আফগানিস্তানত লাইভ সম্প্ৰচাৰৰ বাবে ষ্টাৰে স্থানীয় ব’ৰ্ডকাষ্টাৰৰ লগত কথা পাতি আছে যদিও পাকিস্তানত আইপিএল সম্প্ৰচাৰ নহ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments