Wednesday, July 6, 2022
HomeNewsপাকিস্তানী নাগৰিকক ভাৰতক সহায় কৰিবলৈ অনুৰোধ ছোৱেইব আখতাৰৰ

পাকিস্তানী নাগৰিকক ভাৰতক সহায় কৰিবলৈ অনুৰোধ ছোৱেইব আখতাৰৰ

কৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ লগতে ভাৰতত অক্সিজেনৰ নাটনিয়ে পৰিস্থিতি অধিক জটিলতাৰ মাজলৈ ঠেলি দিছে। এনে সময়ত ভাৰতক পাকিস্তানী নাগৰিকক সহায় কৰিবলৈ অনুৰোধ জনালে দেশখনৰ পূৰ্বৰ ক্ৰিকেটাৰ ছোৱেইব আখতাৰে।

আখতাৰে কয় যে, কৰ’নাৰ দ্বিতীয় ঢৌত ভাৰতৰ স্থিতি বেয়া। অক্সিজেনৰ যথেষ্ট অভাৱ আছে। এনে পৰিস্থিতিত, ভাৰতক আন্তৰিকতাৰে সহায় কৰা উচিত আৰু তেওঁলোকক অক্সিজেন টেংক প্ৰদান কৰা উচিত।

আখতাৰে তেওঁৰ বিভিন্ন সামাজিক মাধ্যমৰ হেণ্ডলত একে ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক সহায়ৰ বাবে অনুৰোধ জনায়।

আখতাৰে লগতে কয় যে ভাৰতত প্ৰতিদিনে প্ৰায় ৪ লাখ লোক কৰ’নাত আক্ৰান্ত হৈ আছে। দিল্লী আৰু মুম্বাইৰ দৰে ডাঙৰ চহৰসমূহো ইয়াৰ কৱলত পৰিছে। কোনো চৰকাৰৰ বাবে অকলে ইয়াৰ বিৰুদ্ধে মোকাবিলা কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত মই পাকিস্তান চৰকাৰ আৰু ইয়াৰ জনসাধাৰণক ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।

ইয়াৰ উপৰিও আকৌ কয়, ‘ভাৰতক বহু পৰিমাণৰ অক্সিজেন টেংকৰ প্ৰয়োজন, সেয়ে আপোনালোক সকলোকে ভাৰতৰ বাবে পুঁজি সংগ্ৰহ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো’।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments