Friday, September 30, 2022
HomeNewsপাকিস্তানী বলাৰ শ্বাহীনৰ আঘাতৰ খবৰ ল'লে ভাৰতীয় তাৰকাই

পাকিস্তানী বলাৰ শ্বাহীনৰ আঘাতৰ খবৰ ল’লে ভাৰতীয় তাৰকাই

পাকিস্তানী বলাৰ শ্বাহীনৰ আঘাতৰ খবৰ ল’লে ভাৰতীয় তাৰকাই

অলিম্পিয়া প্ৰতিবেদন: এছিয়া কাপত ভাৰত-পাকিস্থানৰ যুঁজ । হাই ভল্টেজ মেচখনৰ আগৰ বা পাছৰ কিছু দৃশ্যই বহু কথাই ভবাই তুলিব । আপুনি ক’বলৈ বাধ্য হ’ব — ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন ।

দেওবাৰে ডুবাইত ভাৰতৰ সমুখ সমৰত খেলপথাৰত নামিল চিৰবৈৰী পাকিস্থান । উন্মাদনাৰে ভৰপূৰ মেচখনত অৱশেষত জয়ৰ মালা পিন্ধিলে টীম ইণ্ডিয়াই । ৫ উইকেটত জয়ী হল মেন ইন ব্লু । পাকিস্তানৰ এই পৰাজয়ে দেশখনৰ অনুৰাগীক আশাহত কৰিলেও মেচৰ অন্তত দেখা গল এক বিৰল দৃশ্য । এগৰাকী পাকিস্থানী অনুৰাগীয়ে ভাৰতৰ এই বিজয়ক সন্মান জনাই হাৰ্ডিক পাণ্ডিয়া আৰু বিৰাট কোহলিক খেলপথাৰত দিলে শুভেচ্ছা । কৰমৰ্দন কৰি ভাৰতৰ দুই গৰাকী তাৰকা বেটাৰৰ সন্মুখত মনৰ ভাব প্ৰকাশ কৰিলে অনুৰাগীজনে ।

হয়তো এই পাকিস্থানী অনুৰাগীজন আপোনাৰ মোৰ খুবেই চিনাকী । ভাৰত-পাকিস্হানৰ মেচ হলেই তেওঁৰ নিৰ্মাণ কৰা ভিডিঅ’ থাকে চৰ্চাত । দিয়ে আমোদৰ খোৰাক । এইবাৰো তেনে এক কামেই কৰিলে পাকিস্থানী অনুৰাগীজনে । পাকিস্তান পৰাজিত হোৱাৰ পাছত এখন ট্ৰলীত ষ্টেডিয়ামৰ পৰা ওলাই আহিল লোকজন । এম্বুলেন্সৰ কাষলৈ আহি স্বাস্থ্য পৰীক্ষাৰ বাবে অনুৰোধ জনালে তেওঁ । ইতিমধ্যে পাকিস্থানী অনুৰাগী জনৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

আন দুটামান দৃশ্যই আপোনাৰ মন হয়তো পুলকিত কৰিব । এই দৃশ্য ভাৰত পাকিস্থানৰ মেচৰ পূৰ্বৰ । ডুবাইত মেচৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰসকলে মেচৰ অনুশীলন কৰি আছিল । পাকিস্তানী বলাৰ শ্বাহীন আফ্ৰিদীক এনেদৰে দেখা গ’ল ভাৰতীয় ক্ৰিকেটাৰসকলৰ সৈতে । আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা শ্বাহিনৰ খবৰ লৈছে ভাৰতীয় ক্ৰিকেটাৰ যুজবেন্দ্ৰ চহল, বিৰাট কোহলি, ঋষভ পন্ট , কে এল ৰাহুলৰ দৰে তাৰকা ক্ৰিকেটাৰসকলে । কৰিছে কথোবকথন ।খেলপথাৰত মানবীয়তাৰ নিৰ্দেশন দাঙি ধৰিলে ভাৰতীয় ক্ৰিকেটাৰসকলে । কেনে কথোব-কথন কৰিছিল শুনক —

আনহাতে অনুশীলনৰ মাজতে ভাৰতীয় দলৰ সদস্যৰ সৈতে দেখা গ’ল পাকিস্থান দলৰ অধিনায়ক বাবৰ আজমক ।

সীমান্ত বা খেলপথাৰত পাকিস্থানক শত্ৰু জ্ঞান কৰিলেও ক্ৰীড়াই যে ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰে ই তাৰেই প্ৰমাণ । এইবোৰ দেখি শুনি আপুনিও হয়তো ক’ব- — এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments