পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ স্বামী ছোৱেব মালিকৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।তীব্ৰ বেগেৰে চলাইযোৱা ছোৱেবৰ গাড়ীখনে এখন ট্ৰাকৰ ভিতৰত গৈ সোমাই পৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তীব্ৰ বেগত থকা ছোৱেবৰ স্পৰ্টছ কাৰখনে পথৰ কাষত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলক বাহনখন ভাঙি ট্ৰাকৰ ভিতৰত সোমাই।
অৱশ্যে দুৰ্ঘটনাটো অতিকে ভয়ংকৰ হলেও কথমপি প্ৰাণ ৰক্ষা পৰে পাকিস্তানৰ ক্ৰিকেটাৰগৰাকীৰ। দুৰ্ঘটনাটোৰ পিছতে নিজৰ টুইটাৰ একাউণ্টত এই বিষয়ে সদৰি কৰি কয় যে, তেওঁ সম্পূৰ্ণ সুস্থ অৱস্থাত আছে।