Tuesday, October 4, 2022
HomeNewsপাকিস্তানৰ নতুন জাৰ্ছিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা

পাকিস্তানৰ নতুন জাৰ্ছিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা

পাকিস্তানৰ নতুন জাৰ্ছিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা

অলিম্পিয়া প্ৰতিবেদন: এইয়া জাৰ্ছি নে তৰমূজ ! পাকিস্তানৰ নতুন জাৰ্ছিক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা । একাংশ নেটিজেনে বিশ্বকাপৰ জাৰ্ছিৰ আৰ্হি আৰু ৰঙক ৰিজালে তৰমুজৰ সৈতে ।

ক্ৰিকেটৰ মহাৰণ টি -২০ বিশ্বকাপলৈ মাজত মাথোন এটা মাহ বাকী । বিশ্বকাপৰ পূৰ্বে নিজৰ দলসমূহে জাৰ্ছিসমূহ মুকলি কৰিছে । দেওবাৰে ভাৰতীয় দলটেৱেও নিজৰ জাৰ্ছি মুকলি কৰিছে । ইয়াৰ মাজতে, টি -২০ বিশ্বকাপৰ বাবে জাৰ্ছি মুকলি কৰি ট্ৰলৰ সন্মুখীন হৈছে পাকিস্তানী ক্ৰিকেট দল । ছচিয়েল মিডিয়াত ভাইৰেল পাকিস্তানৰ নতুন জাৰ্ছিৰ ছবি । ইয়াৰ ৰং আৰু আৰ্হিক সমালোচনাৰে থকাসৰকা কৰিছে একাংশ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ।

প্ৰকৃততে পাকিস্তানে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে মুকলি কৰা নাই টি -২০ বিশ্বকাপৰ বাবে নতুন জাৰ্ছি । কিন্তু ইয়াৰ মাজতে পাক দলৰ অধিনায়ক বাবৰ আজমৰ লগতে একাংশ তাৰকা ক্ৰিকেটাৰক নতুন জাৰ্ছিৰ সৈতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

এই ছবিসমূহ দেখি ক্ষান্ত নাথাকিল নেটিজেনসকল । পাকিস্তানৰ নতুন জাৰ্ছিৰ সৈতে সাদৃশ্য দেখা পালে তৰমুজৰ সৈতে । একাংশ সমালোচকে এই জাৰ্ছিৰ ধাৰণা প্ৰকৃতিৰ পৰা লোৱা হৈছে বুলি দলটিক কৰিছে কটাক্ষ । আন একাংশই ইয়াৰ বাবে দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । মুঠতে বিশ্বকাপৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হোৱা পাকিস্তানৰ নতুন জাৰ্ছিৰ প্ৰসংগই গৰম কৰিছে ছচিয়েল মিডিয়া ।

উল্লেখ্য যে, ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হ’ব আই চি চি টি- ২০ বিশ্বকাপ । এই সন্মানজনক টুৰ্ণামেন্টত ভাৰতে চিৰবৈৰী পাকিস্তানৰ সৈতে অভিযান আৰম্ভ কৰিব । ভাৰত- পাকিস্তানৰ মেচৰ প্ৰাকক্ষণত ভাইৰেল হৈ পৰা পাকিস্তানী জাৰ্ছিয়ে বিশেষ চৰ্চা লাভ কৰিছে ক্ৰিকেট বিশ্বত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments