পাঞ্জাৱ কিংছৰ হাতত পৰাভূত ছানৰাইজাৰ্ছ হায়দৰাবাদ
অলিম্পিয়া প্ৰতিবেদন: আই পি এলৰ পৰা বিদায় ললে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু পঞ্জাৱ কিংছে । নিয়মমাফিক খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ পৰাস্ত । ৫ উইকেটত জয়ী হ’ল মায়ংক বাহিনী ।
দেওবাৰে অন্ত পৰিল এই ছিজনৰ আই পি এলৰ লীগ মেচ । ৭০ সংখ্যক তথা অন্তিমখন মেচত অৱৰ্তীণ হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম পঞ্জাৱ কিংছ । প্লে অফৰ আশা নাছিল যদিও দুয়োটা দলে ক্ৰিকেট অনুৰাগীক মেচৰ জৰিয়তে দিলে অন্য এক সোৱাদ । প্ৰথমে বেটিং কৰি কেন উইলিয়ামচন বাহিনীয়ে ৮ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৫৭ ৰাণ । হায়দৰাবাদৰ হৈ অভিষেক শৰ্মাই ৩২ টা বলত ৪৩ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে ।সেইদৰে ৰোমাৰিঅ’ই ২৬, ৱাশ্বিংটন সুন্দৰে ২৫ ৰাণৰ বৰঙণি আগবঢ়ায় ।
১৫৮ ৰাণৰ লক্ষ্য লৈ ক্ৰীজত নামিল মায়ংক আগৰৱালৰ নেতৃত্বৰ পঞ্জাৱ কিংছ
সন্মান ৰক্ষাৰ বাবে মৰণ পণ যুঁজ দিলে পঞ্জাব কিংছে । পঞ্জাৱৰ হৈ লিয়াম লিভিংষ্টনৰ ৪৯ , শিখৰ ধাবানৰ ৩৯ ,জনী বেয়াৰষ্ট্ৰ’ৰ ২৩ ৰাণে দলটোক এক উন্নত পৰ্যায়লৈ লৈ যায় । ১৫ অভাৰ ১ টা বলতে ৫ টা উইকেট হেৰুৱাই ১৬০ ৰাণ সংগ্ৰহেৰে জয়ৰ লক্ষ্যত উপনীত হয় পঞ্জাব । ফলত ৫ উইকেটেত জয়ী হ’ল মায়ংক আগৰৱালা বাহিনী ।
অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক
এই জয়ৰ পাছতেই মুঠ ১৪ পইন্ট সংগ্ৰহেৰে তালিকাৰ ষষ্ঠ স্থানত থাকিল পঞ্জাৱ কিংছ ।পিছে, ইতিমধ্যেই চাৰিটাকৈ দলে প্লে অফত প্ৰবেশ কৰিছে । প্লে অফত খেলিবলগীয়া দলকেইটা হল — গুজৰাট টাইটানছ, ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ।
ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব লগা প্লে অফ মেচৰ বাবে সাজু হৈছে চাৰিটা দল । অহা ২৪ মে, মংগলবাৰে প্ৰথমখন প্লে অফত অৱৰ্তীণ হ’ব গুজৰাট টাইটানছ বনাম ৰাজস্থান ৰয়েলছ ।আনহাতে,বুধবাৰে দ্বিতীয়খন প্লে অফত লক্ষ্ণৌ যুঁজিব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ।
কোন দুটা দল ফাইনেলত উপনীত হ’ব ? অহা ২৯ মে’ত অনুষ্ঠিত হ’ব আই পি এলৰ চূড়ান্ত যুঁজ ।কোন পিন্ধিব এই ছিজনত চেম্পিয়নৰ মুকুট –ইয়াকে লৈ উৎকন্ঠিত সমগ্র ক্ৰিকেট বিশ্ব ।