Tuesday, October 4, 2022
HomeNewsপাণ্ডিয়াৰ ঘড়ী আৰু জোতাৰ মূল্য কিমান আপুনি জানেন?

পাণ্ডিয়াৰ ঘড়ী আৰু জোতাৰ মূল্য কিমান আপুনি জানেন?

কিছুদিন ধৰি খেলপথাৰৰ পৰা বাহিৰত আছে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া । আঘাটজনিত সমস্যাৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত থকা পাণ্ডিয়াই অৱশ্যে দলৰ পৰা বাহিৰত থকাৰ সময়ছোৱাতেই তেওঁৰ প্ৰেয়সী নাটাছা ষ্টানক’ভিকৰ লগত বাগদান সম্পূৰ্ণ কৰিলে। ইতিমধ্যে এই বিষয়ে পাণ্ডিয়াই ইনষ্টাগ্ৰামৰ জৰিয়তে এইখবৰ ৰাজহুৱা কৰিছে।

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পৰা আতৰি থকা এইগৰাকী ক্ৰিকেটাৰ অৱশ্যে পুনৰ অনুশীলন আৰম্ভ কৰাৰ দৃশ্য চচিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছিল। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ পৰা আতৰি থকা পাণ্ডিয়াক এই গোতেই সময়ছোৱাত অৱশ্যে ৰাজহুৱা স্থানত দেখিবলৈ পোৱা নগৈছিল। এক প্ৰকাৰে কবলৈ গ’লে হাৰ্দিক পাণ্ডিয়া সকলোৰে দৃষ্টিৰ পৰা আতৰি আতৰি আছিল।

কিন্তু শেহতীয়াকৈ পাণ্ডিয়াৰ এক বিশেষ মুহূৰ্তৰ দৃশ্য চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিখনত পাণ্ডিয়াৰ লগত দেখিবলৈ পোৱা গৈছে তেওঁৰ প্ৰেয়সী নাটাছা ষ্টানক’ভিকক। এই দৃশ্য ভাইৰেল হোৱাৰ আঁৰত অৱশ্যে আছে এক অন্য কাৰণহে।

প্ৰেয়সী নাটাছা ষ্টানক’ভিকৰ লগত ব্যতিক্ৰমীৰূপত ডেটিঙলৈ যোৱা পাণ্ডিয়া আউ নাটাছাক মুম্বাইৰ বিমানবন্দৰত দেখিবলৈ পোৱা গৈছিল। সেই মুহূৰ্তত পাণ্ডিয়াই পৰিধান কৰি আছিল এযোৰ বিশেষ জোতা আৰু এটা বিশেষ ঘড়ী। চৰ্চাৰ বিষয় এই জোতা আৰু ঘড়ীহে।

পাণ্ডিয়াই পিন্ধি থকা সেই বিশেষ ঘড়ী আৰু জোতা যোৰৰ মূল্য আপুনি জানিলে আচৰিত হ’ব। পাণ্ডিয়াৰ এই ঘড়ী আৰু জোতাৰ মূল্যৰ বাবেই চৰ্চালৈ আহিছে পাণ্ডিয়া।হাৰ্দিক পাণ্ডিয়াই যিটো ঘড়ী পৰিধান কৰিছে তাৰ ভাৰতীয় মূল্য হৈছে ১.১০ কোটি টকা। এই ঘড়ী ভাৰতত উপলব্ধ নহয়। বিদেশৰ বজাৰত ভাৰতীয় টকাৰ হিচাপত ৮৫ হাজাৰ টকা মূল্যৰ ঘড়ীটো ইনপ’ৰ্ট চাৰ্জ আৰু টেক্স মিলাই ভাৰতত সৰ্বমূঠ মূল্য হৈছে ১.১০ কোটি টকা। আনহাতে পাণ্ডিয়াই পৰিধান কৰা জোতা যোৰ বিদেশৰ বজাৰ মূল্য ৮৫ লাখ টকা হোৱাৰ লগতে ভাৰতত ইনপ’ৰ্ট চাৰ্জ আৰু টেক্স যোগ কৰি মূল্য হয়গৈ ১ লাখ টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments