নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস
এইকেইদিন নেৰা-নেপেৰা বৰষুণত নলবাৰীৰ প্ৰায়ভাগ খেলপথাৰ পানীৰ তলত ডুব গৈছে । যিকেইখন খেলপথাৰত দৈনিক অনুশীলন হৈ থাকে তাত এতিয়া পানীৰ বাহিৰে একো নাই । বিশেষকৈ গৰ্ডন স্কুল খেলপথাৰ, নলবাৰী মহাবিদ্যালয় খেলপথাৰ, সৰিয়হতলী ক্ৰীড়া প্ৰকল্প, ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰ, বিষ্ণুজ্যোতি হাইস্কুল খেলপথাৰ, পূব নলবাৰী মহাবিদ্যালয় খেলপথাৰ আদি কৃত্ৰিম বানপানীয়ে বুৰাই পেলাইছে সকলো ।
ঠায়ে ঠায়ে বানপানীতো খেলপথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে । পথ- উপপথ পানীৰ তলত । বহু দিনলৈ যে তাত অনুশীলন কৰিব পৰা নাযাব সেয়া নিশ্চিত । প্ৰতিকূল বতৰৰ বাবে নলবাৰী ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবল লীগ, নলবাৰী জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত ৰাজ্যপালৰ মহিলা ভলীবল মিছনৰ অনুশীলন বন্ধ হৈ আছে ।
আগতেও বৰষুণৰ পানী খেলপথাৰত প্ৰবেশ কৰিছিল যদিও দুই- এদিনৰ ভিতৰতে পানী ওলাই গৈছিল । কিন্তু এইবাৰ যে খেলপথাৰৰ পানী সহজতে ওলাই যাব তাৰ আশা দেখা নাই । খেলপথাৰসমূহত এজাক বৰষুণতে পানী হয় । ইয়াৰ বাবে খেলপথাৰসমূহ ওখ হোৱাটো নিতান্তই প্ৰয়োজন ।
গতিকে নলবাৰীত কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ লগতে খেলপথাৰসমূহৰো উন্নয়ন বিচাৰিছে খেলুৱৈসকলে– যাতে বৰষুণ শেষ হোৱাৰ লগে লগেই খেলপথাৰসমূহ খেলৰ উপযোগী হৈ উঠে । খেলুৱৈসকলে যদি এদিন খেলপথাৰলৈ যাব নোৱাৰে তেতিয়া হ’লে তেওঁলোকে বহুত কষ্টত থাকিবলগীয়া হয় । তাতে যদি মাহদিন পানীৰ বাবে খেলপথাৰ বন্ধ হৈ পৰে তেতিয়া তেওঁলোকৰ অনুশীলত যথেষ্ট প্ৰভাৱ পৰিব । সেই কথা সহজে অনুমেয় । খেলুৱৈৰ বাবে এই সময় দূ:সময় । ইয়াৰ আগতে মহামাৰী ক’ৰোণাত খেলুৱৈৰ যথেষ্ট ক্ষতি হৈছিল যদিও খেলুৱৈসকলে ঘৰতে থাকি কিছু পৰিমানে হ’লেও নিজৰ অনুশীলন অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল । কিন্তু বৰ্তমানৰ প্ৰতিকুল বতৰে খেলুৱৈসকলক সেই সুবিধাৰ পৰাও বঞ্চিত কৰিছে । প্ৰকৃতিক ৰোধ কৰাৰ ক্ষমতা কাৰো নাই কিন্তু কিছু পৰিমানে হ’লেও ইয়াক ৰোধ কৰিব পাৰি । ইয়াৰ বাবে লাগিব সূপৰিকল্পিত বিজ্ঞানসন্মত আঁচনিৰ সফল ৰূপায়ণ । গাঁওবোৰৰ পুখুৰীৰ মাছ ওলাই গৈছে, ঘৰ-বাৰী পানীত জাহ গৈছে, মানুহৰ লগতে পশুধনৰ খাদ্যৰ সমস্যা হৈছে । মানুহে শিবিৰ পাতি থাকিবলগীয়া হৈছে । চাৰিওফালে এক বিভীষিকাময় পৰিস্থিতি । মানুহ বহু ভয় আৰু শংকাত আছে । এনেহেন পৰিস্থিতিত ক্ৰীড়াৰ কথা মনলৈ অহাটোও একপ্ৰকাৰ আকাশত চাং পতাৰ দৰে কথা হৈছে ।