Monday, October 3, 2022
HomeNewsপাবজি গ'ল, আহি আছে FAU-G

পাবজি গ’ল, আহি আছে FAU-G

অলিম্পিয়া প্ৰতিবেদন

বুধবাৰে ভাৰত চৰকাৰে দেশত প্ৰচলিত ১১৭ টা চাইনীজ এপৰ লগতে জনপ্ৰিয় ইণ্টাৰনেট গেম পাবজিকো নিষিদ্ধ কৰে। লগে লগে দেশৰ যুৱ প্ৰজন্মৰ মাজত হাহাকাৰ লাগে। ইণ্টাৰনেটত দিনটোৰ আধাতকৈ বেছি সময় কটোৱা দেশৰ যুৱ প্ৰজন্মৰ একাংশ মুহূৰ্ততে সৰৱ হৈ পৰে চৰকাৰে লোৱা এই সিদ্ধান্তত।

অৱশ্যে যুদ্ধৰ খেল খেলি ভাল পোৱা সেইসকল কিশোৰ কিশোৰীৰ মুখত হাঁহি বিৰিঙাই আনিছে আন এক খবৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনির্ভৰ শ্ল’গানক সাৰথি কৰি নিৰ্মাণ কৰা প্ৰথমটো অনলাইন গেম শীঘ্ৰেই মুকলি কৰি দিয়া হ’ব। এই কথা ঘোষণা কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

FAU-G নামৰ এই নতুন অনলাইন খেলবিধ আগবঢ়াই দিছে অক্ষয় কুমাৰে। তেওঁ এই কথা ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰিছে। তাৰোপৰি এই খেলৰ পৰা সংগ্ৰহ কৰা মুঠ ইন্টাৰনেট শুল্কৰ ২০ শতাংশ ভাৰতীয় সেনা সকলৰ কল্যানৰ বাবে প্ৰতিষ্ঠিত ভাৰত কে বীৰ নামৰ বেচৰকাৰী অনুষ্ঠানটোলৈ প্ৰদান কৰা হ’ব।

https://www.instagram.com/p/CEtizCvnY-d/?igshid=r4tta1rgztki

ইনষ্টাগ্ৰামত এই খবৰ প্ৰকাশ কৰি অক্ষয় কুমাৰে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ কাৰ্যসূচীলৈ সমৰ্থন জনাই গৌৰৱৰে মুকলি কৰি দিয়া হ’ব এটি মাল্টিপ্লেয়াৰ এক্সন গেম। যাৰ জৰিয়তে, কেৱল দেশৰ যুৱ প্ৰজন্মই আনন্দ লাভ কৰাই নহয় বৰঞ্চ দেশৰ বীৰ যোদ্ধাসকলৰ ত্যাগৰ বিষয়েও বহু কথা শিকিব পাৰিব।

অক্ষয় কুমাৰে এই কথা সামাজিক মাধ্যমত ঘোষণা কৰাৰ লগে লগে নেটিজেনসকলৰ মাজত দেখিবলৈ ব্যাপক উচাহ উদ্দীপনা। বহুতে কমেণ্ট বক্সত নিজৰ আনন্দ উল্লাস প্ৰকাশ কৰা দেখা গৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments