Monday, October 3, 2022
HomeNewsপিচিবি চৰকাৰৰ পৰা স্বতন্ত্ৰ হ'ব লাগে : শ্বাহিদ আফ্ৰিদী

পিচিবি চৰকাৰৰ পৰা স্বতন্ত্ৰ হ’ব লাগে : শ্বাহিদ আফ্ৰিদী

পিচিবি চৰকাৰৰ পৰা স্বতন্ত্ৰ হ’ব লাগে : শ্বাহিদ আফ্ৰিদী

অলিম্পিয়া প্ৰতিবেদন: কেতিয়া চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰ হ’ব পাকিস্থান ক্ৰিকেট বৰ্ড ? বিভিন্ন সময়ত এই প্ৰশ্নৰ উদয় হৈছে পাকিস্থানীৰ । পি চি বিক স্বতন্ত্ৰ হোৱাৰ দাবী জনালে পাকিস্থানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীয়ে ।

পাকিস্থান ক্ৰিকেট দল বুলি ক’লেই যেন ক্ৰিকেট বিশ্বত এক চাঞ্চল্যই বিৰাজ কৰে । নব্বৈ দশকৰ পৰা আজি পৰ্য্যন্ত দলটোৰ আছে বহু উত্থান পতন । ১৯৯২ চনতে অধিনায়ক ইমৰাণ খানৰ নেতৃত্বত পাক দলে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল । সেই ধাৰাবাহিকতা অক্ষুণ্ণ নাথাকিলেও বিগত বিশ্বকাপত দলটোৱে প্ৰদৰ্শন কৰিলে নিজৰ শ্ৰেষ্ঠত্ব । বাবৰ আজমৰ অধিনায়কত্বত পুনৰ আঁজুৰি আনিছিল বিশ্বকাপৰ সন্মান । কিন্তু আশ্বৰ্যকৰভাৱে এনে এক শক্তিশালী দলক নিয়ন্ত্ৰণ কৰা পাকিস্থান ক্ৰিকেট বৰ্ড নহয় স্বতন্ত্ৰ । পি চি বিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ নিযুক্তি দিয়ে চৰকাৰে। ইয়াকে লৈ পাকিস্থানী ক্ৰিকেটাৰসকলেও বিৰোধিতা কৰা দেখা পোৱা গৈছে ।

আৰু অধিক পঢ়ক

শেহতীয়াকৈ, পাকিস্তানত ইমৰাণ খানে জনসাধাৰণৰ আস্থা হেৰুৱাই প্ৰধানমন্ত্ৰিত্বৰ গাদী এৰিবলৈ বাধ্য হৈছে । ইতিমধ্যে নতুন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছে শ্বাহবাজ শ্বৰীফে । বৰ্তমানেও পাকিস্থান ক্ৰিকেট বৰ্ডৰ অধ্যক্ষৰ পদত আছে প্ৰাক্তন অধিনায়ক ৰামিজ ৰাজা । কিন্তু পাকিস্থানৰ প্ৰধান মন্ত্ৰী সলনি হোৱাৰ লগে লগে বৰ্তমানৰ অধ্যক্ষ ৰামিজ ৰাজাৰ ভৱিষ্যতক লৈ অনিশ্চয়তাই আগুৰি ধৰিছে। অনুমান কৰা হৈছে, ৰামিজ ৰাজাৰ ঠাইত নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ পছন্দৰ এজন ব্যক্তিক প্ৰদান কৰা হ’ব পি চি বিৰ অধ্যক্ষ‌ৰ পদ । নতুন চৰকাৰে দায়িত্ব লোৱাৰ সময়ত পাকিস্থানৰ জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে দেশখনৰ ক্ৰিকেট বৰ্ডক লৈ কৰিছে মন্তব্য । তেওঁ পাকিস্থান ক্ৰিকেট বৰ্ডক এক সম্পূৰ্ণ স্বতন্ত্ৰ সংস্থা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জৱাইছে । এক অভ্যৰ্থনা অনুষ্ঠানত প্ৰাক্তন ক্ৰিকেটাৰজনে লগতে কয় যে চৰকাৰৰ কোনো হস্তক্ষেপ নোহোৱাকৈ নিজা আভ্যন্তৰীণ নিৰ্বাচনৰ ব্যৱস্থা থকা উচিত ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখযোগ্য যে, ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আইত চৰকাৰৰ নাই পোন-পটীয়া হস্তক্ষেপ । এনে প্ৰেক্ষাপটত পাকিস্থান ক্ৰিকেট বৰ্ডৰ ছবিখন কিছু পৃথক ।

এতিয়া প্ৰশ্ন হয়–প্ৰাক্তন ক্ৰিকেটাৰ জনৰ এই আহ্বান নতুন চৰকাৰ খনে শুনিছনে? পাকিস্তান ক্ৰিকেট বৰ্ড স্বতন্ত্ৰ হ’ব নে চৰকাৰৰ হস্তক্ষেপত থাকিব, সেইয়া পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments