Friday, September 30, 2022
HomeNewsপুত্র অগস্ত্যক লিখিবলৈ শিকাইছে হাৰ্ডিক পাণ্ডিয়াই

পুত্র অগস্ত্যক লিখিবলৈ শিকাইছে হাৰ্ডিক পাণ্ডিয়াই

অলিম্পিয়া প্ৰতিবেদন

পুত্র অগস্ত্যৰ সৈতে হাৰ্ডিক পাণ্ডিয়া । সন্তানক অ আ ক খ শিকালে পাণ্ডিয়াই ।

এছিয়া কাপৰ পৰা আগতীয়াকৈ বিদায় লোৱা ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ তেওঁ । এতিয়া ঘৰৰ পৰিয়ালৰ সৈতে দিন কটাইছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই । সময় দিছে কণমাণি পুত্র অগস্ত্যক । খেলপথাৰত দুৰ্দান্ত ক্ৰিকেটাৰ হোৱাৰ উপৰি তেওঁ যে এগৰাকী সফল পিতৃ তাকেই এখন ফটোত যেন প্ৰতীয়মান হৈছে । নিজৰ ছচিয়েল মিডিয়াত পুত্ৰ অগস্ত্যৰ লগত এখন ফটো পোষ্ট কৰিছে হাৰ্ডিকে —- যি ফটো দেখিলে আপোনাৰ মনটো কিছু সতেজ হ’ব ।
হাৰ্ডিকে তেওঁৰ পুত্রৰ নাম এখন কলা বৰ্ডত মাৰ্কাৰেৰে লিখিছে । তাৰপিছত পুত্র অগস্ত্যক লিখিবলৈ শিকাইছে । পাণ্ডিয়াই ফটোখন শ্বেয়াৰ কৰি লিখিলে এনেদৰে, “এই সকলোবোৰ ধুনীয়া মুহূৰ্ত‌ই হৈছে জীৱন ।”

নিজৰ পুত্রক শিক্ষাৰ আদিপাঠ দিছে এনেদৰে হাৰ্ডিকে । মানুহৰ জীৱনত প্ৰথম শিক্ষাগুৰু পিতৃ- মাতৃ বুলি কোৱা হয় । সেই ধৰ্ম যেন পালন কৰিছে হাৰ্ডিকে । সেয়েহে, এছিয়া কাপৰ পাছত পিতৃৰ চৰিত্ৰত দেখা গৈছে হাৰ্ডিক পাণ্ডিয়াক । ইতিমধ্যে ছচিয়েল মিডিয়াত এই ফটোখনে দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ । প্ৰশংসাৰে উপচাই পেলাইছে অলৰাউণ্ডাৰ গৰাকীক ।
উল্লেখযোগ্য যে, অহা ১৬ অক্টোবৰৰ পৰা টি- ২০ বিশ্বকাপ আৰম্ভ হ’ব অষ্ট্ৰেলিয়াত । বিশ্বকাপৰ ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হৈছে হাৰ্ডিক । যিকোনো সময়তে খেলখন নিজৰ হাতলৈ ঘূৰাই অনাৰ সামৰ্থ্য আছে হাৰ্ডিক পাণ্ডিয়াৰ । তেওঁৰ দৰে অলৰাউণ্ডাৰ বিশ্বকাপত ভাৰতীয় দলটোৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ সদস্য ৰূপে বিবেচিত হৈছে ।

ক্ৰীড়া অনুৰাগীৰ আশা —- পৰিয়ালক সময় দি বিশ্বকাপৰ বাবে সাজু হওক বহু যুঁজৰ নায়ক হাৰ্ডিক । তেওঁৰ বেটিং তাণ্ডৱ আৰু বলিং ত্রাস প্ৰত্যক্ষ কৰিবলৈ আগ্ৰহেৰে ৰৈ আছে বিশ্বৰ কোটি কোটি অনুৰাগী ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments