অলিম্পিয়াৰ প্ৰতিবেদন
সততে সংবাদ শিৰোনামা দখল কৰি থকা ছেইফ আলী খন আৰু কৰীণা কাপুৰ খানৰ পুত্ৰ পুনৰ সংবাদ জগতৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ আইপিএল খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ছেইফ-কৰীণাৰ পুত্ৰই।
কৰীণা কাপুৰ খানে তেওঁৰ নিজা অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা নিজ পুত্ৰৰ ক্ৰিকেট খেলি থকা এখন ফটো শ্বেয়াৰ কৰিছে আৰু আই পি এলৰ কৰ’বাত স্থান আছেনেকি জানিবলৈ বিচাৰিছে।
মনকৰিবলগীয়া যে ছেইফ-কৰীণাৰ পুত্ৰ টাইমুৰক লৈ সততে সংবাদ মাধ্যমত চৰ্চা চলি থাকে। মাত্ৰ চাৰিবছৰীয়া টাইমুৰ লৈ এতিয়াৰ পৰাই আৰম্ভ হৈছে বিভিন্ন চৰ্চা।