Monday, May 16, 2022
HomeNewsপুত্ৰৰ মৃত্যুত ম্ৰিয়মান ৰণাল্ডো

পুত্ৰৰ মৃত্যুত ম্ৰিয়মান ৰণাল্ডো

পুত্ৰৰ মৃত্যুত ম্ৰিয়মান ৰণাল্ডো

অলিম্পিয়া প্ৰতিবেদন: সমাগত ২০২২ কাটাৰ বিশ্বকাপ ৷ ফুটবল বিশ্বকাপৰ প্ৰস্তুতি চলাই থাকোতেই পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰণাল্ডোৱে বিশ্ববাসীক দিলে এটা দু:খবৰ ৷ জন্মতেই মৃত্যু ঘটিছে তেওঁৰ পুত্ৰ সন্তানৰ ৷ সোমবাৰে ছচিয়েল মিডিয়া যোগে ৰণাল্ডোৱে জনালে এই বাতৰি ৷ তেওঁ জনায় ‘‘বৰ্তমান আমাৰ পৰিয়ালটো অত্যন্ত দুখৰ মাজেৰে পাৰ কৰিব লগা হৈছে ৷ সকলোকে মই গভীৰ দুখেৰে জনাব বিচাৰোঁ যে আমাৰ নৱজাতক পুত্ৰৰ মৃত্যু হৈছে ৷ এয়া কেৱল আমাৰ বাবেই নহয়, যিকোনো অভিভাৱকৰ বাবে এনে মূহুৰ্তটো খুবেই অসহনীয় ৷

আৰু অধিক পঢ়ক

এই দুখৰ মাজতে আমাৰ কন্যা সন্তানৰ জন্মই আমাক কিছু আশা আৰু আনন্দৰ মাজেৰে জীয়াই থকাৰ প্ৰেৰণা দিছে ৷ আমাক সহযোগ কৰা সকলো চিকিৎসক আৰু নাৰ্চক ধন্যবাদ জনাইছো ৷ আমাৰ পুত্ৰ সন্তান ভগৱানৰ দূত আছিল ৷ আমি তাক সদায়ে ভাল পাই থাকিম ৷’’ বিগত ২৮ অক্টোবৰত ৰণাল্ডো আৰু তেওঁৰ পত্নী জৰ্জিনা ৰদ্ৰিগেছে তেওঁলোক যমজ সন্তানৰ গৰাকী হ’বলৈ ওলোৱাৰ কথা ঘোষণা কৰিছিল ৷ আনকি তাৰ মেডিকেল ৰিপৰ্টৰ ছবিও প্ৰকাশ কৰিছিল দুয়োৱে ৷ কিন্তু যোৱা সোমবাৰে এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ জন্ম হ’ল যদিও পুত্ৰৰ জন্মতেই মৃত্যু ঘটে ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

উল্লেখ্য যে ২০২০ বৰ্ষত ৰণাল্ডোৰ প্ৰথমবাৰৰ বাবে পিতৃ হোৱাৰ সৌভাগ্য ঘটে ৷ তাৰ পাছতে ২০২১ বৰ্ষলৈ ৪ টা সন্তানৰ পিতৃ হোৱা ৰ’ণাল্ডোৰ এয়া আছিল পঞ্চম আৰু ষষ্ঠ সন্তান ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ নীৰৱ কোলাত অজানিতে হাৰ মানি গুছি গ’ল তেওঁৰ পুত্ৰ সন্তান ৷ পুত্ৰৰ শোকে শোকাকুল কৰি ৰখা ৰ’ণাল্ডোৱে অনাগত কাটাৰ বিশ্বকাপত কেনে প্ৰদৰ্শন দাঙি ধৰিব সেয়া হ’ব লক্ষণীয় ৷ এই বৃহৎ প্ৰত্যাহ্বানৰ মুখামুখী তেওঁ কিদৰে হ’ব তাৰ প্ৰতি দৃষ্টি নিৱদ্ধ থাকিব প্ৰতিগৰাকী ফুটবল অনুৰাগী দৰ্শকৰ ৷

YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments