Tuesday, October 4, 2022
HomeNewsপুনৰ আনটল্ড ষ্টৰী ধোনীৰ : জেষ্ঠ ভাতৃ ৰাজমিস্ত্ৰী

পুনৰ আনটল্ড ষ্টৰী ধোনীৰ : জেষ্ঠ ভাতৃ ৰাজমিস্ত্ৰী

পুনৰ আনটল্ড ষ্টৰী ধোনীৰ : জেষ্ঠ ভাতৃ ৰাজমিস্ত্ৰী

অলিম্পিয়া প্ৰতিবেদন: পেছাত এজন ৰাজমিস্ত্ৰী মহেন্দ্ৰ সিং ধোনীৰ ককায়েক নৰেন্দ্ৰ সিং ধোনী । পৰিয়ালৰ পৰা কিয় আঁতৰাই ৰাখিছে নৰেন্দ্ৰ সিং ধোনীক ? আনকি ধোনীৰ বায়োপিকতো এবাৰো নাহিল ককায়েকৰ প্ৰসংগ ।
বৰ্তমানৰ ভাৰতৰ সকলোতকৈ সফল কেপ্তেইনবোৰৰ ভিতৰত এটা নাম সেয়া হৈছে কেপ্তেইন কুল খ্যাত মহেন্দ্ৰ সিং ধোনী । নিজৰ হেলিকপ্টাৰ শ্বটৰ জড়িয়তে প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এতিয়ালৈ প্ৰথমজন কেপ্তেইন যাৰ নেতৃত্বত দেশে দুবাৰকৈ ৱৰ্ল্ড কাপত জয়লাভ কৰিছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দেখা নগ’লেও এইজন ক্ৰিকেটাৰক প্ৰায়েই টিভিৰ বিজ্ঞাপনত অথবা আই পি এলত সক্ৰিয় ৰূপত দেখা পোৱা যায় ।
নিজৰ কঠোৰ শ্ৰম আৰু প্ৰতিভাৰ বলত সফলতাৰ শিখৰ চুবলৈ সক্ষম হোৱা এইগৰাকী ক্ৰিকেটাৰৰ জীৱনৰ ওপৰত ইতিমধ্যে নিৰ্মাণ হৈছে এখন চিনেমা । “মহেন্দ্ৰ সিং ধোনী দ্য আনটল্ড ষ্ট’ৰী” ।
এইজন ষ্টাৰ ক্ৰিকেটাৰৰ ব্যক্তিগত জীৱনৰ বিষয়ে সকলোৱে জ্ঞাত । কিন্তু ধোনীৰ জীৱনৰ লগত জড়িত এজন বিশেষ ব্যক্তি ,যাৰ চৰ্চা খুব কমেই হয়, হয়তোবা নহয়েই । আনকি মহেন্দ্ৰ সিং ধোনীৰ ওপৰত নিৰ্মাণ হোৱা ছবিখনতো সেই ব্যক্তিজনৰ কতো উল্লেখেই নাই । মহেন্দ্ৰ সিং ধোনীয়েও সংবাদ মাধ্যমৰ আগত এৰাই চলা দেখা যায় সেই ব্যক্তিজনৰ প্ৰসংগ । তেওঁ হৈছে মহেন্দ্ৰ সিং ধোনীৰ ককায়েক নৰেন্দ্ৰ সিং ধোনী । নৰেন্দ্ৰ সিং পেছাত এজন ৰাজমিস্ত্ৰী । আনৰ ঘৰ নিৰ্মাণ কৰে তেওঁ । দুজন ককাই ভাই । দুয়োজনৰ মাজত আকাশ – পাতাল পাৰ্থক্য । এজনে সফলতাৰ শিখৰত আৰোহণ কৰি কটাইছে বিলাসী জীৱন । বহুতৰ বাবে তেওঁ অনুপ্ৰেৰণা আৰু আনজন এজন ৰাজমিস্ত্ৰী — যিয়ে অতি সাধাৰণভাবে জীৱন কটাইছে । ঝাৰখণ্ডৰ ৰাঁচীত থকা মাহীৰ ঘৰটোও ককায়েক নৰেন্দ্ৰ সিং ধোনীয়ে বনোৱা । য’ত এতিয়া নাথাকে মাহীৰ ককায়েক । কিন্তু কিহৰ বাবে ককায়েকৰ প্ৰসংগ এৰাই চলে মাহীয়ে ? অনুৰাগীৰ মনলৈ এনে প্ৰশ্ন অহাটো তেনেই স্বাভাৱিক । এইক্ষেত্ৰত কিন্তু নৰেন্দ্ৰ সিং ধোনীৰ নাই কোনো আক্ষেপ । এই সম্পৰ্কে টেলিগ্ৰাম চেনেলত দিয়া এটি সাক্ষাৎকাৰত ধোনীৰ বায়োপিক খনত তেওঁৰ প্ৰসংগটো আঁতৰাই ৰখা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত নৰেন্দ্ৰ সিং ধোনীয়ে কয়, ” এই বিষয়ে মই একো ক’ব নিবিচাৰো । কাৰণ এয়া চিনেমাখনৰ পৰিচালকৰ সিদ্ধান্ত । তেওঁ চিনেমাখনত কি দেখাব বিচাৰে বা কি নিবিচাৰে সেয়া তেওঁৰ কথা । চিনেমাখন মাহীৰ জীৱনৰ অনুপ্ৰেৰণামূলক ঘটনাসমূহৰ ওপৰত নিৰ্মাণ হৈছে তেওঁৰ পৰিয়ালৰ ওপৰত নহয় ।” কিন্তু ভাবিলে আচৰিত যেন লাগে যে একেটা পৰিয়ালৰ দুই সহোদৰ ভাতৃ হৈও এজনে সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ বিপৰীতে আনজনে যেন জলন্ত চাকিৰ তলৰ আন্ধাৰখিনিতে আৱদ্ধ হৈ ৰ’ল । এই নিৰ্মম বাস্তৱ ভাগ্যৰ পৰিহাস নহয় কি!

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments